Breaking

হোজাইত ২৬০০ গ্ৰাম গাঞ্জা জব্দঃ আৰক্ষীৰ জালত পিতা-পুত্ৰ

0 555

হোজাইত ২৬০০ গ্ৰাম গাঞ্জা জব্দঃ আৰক্ষীৰ জালত পিতা-পুত্ৰজমিৰ উদ্দিন তালুকদাৰ, ডবকা ৩১ মেঃ সমগ্ৰ ৰাজ্যজুৰি অসম আৰক্ষীয়ে ড্ৰাগচ, নিছাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে তীব্ৰ অভিযান চলোৱাৰ সময়ত হোজাই আৰক্ষীয়েও চলাইছে ড্ৰাগচবিৰোধী অভিযান ৷ আজি হোজাই আৰক্ষীয়ে এক অভিযান চলাই হোজাই বৰপুখুৰীৰ পৰা ২৬০০ গ্ৰাম গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷ প্ৰাপ্ত বাতৰি অনুসৰি হোজাই আৰক্ষীয়ে এক গোপন উৎসৰ খবৰৰ ভিত্তিত বৰপুখুৰী অঞ্চলত অভিযান চলায় ৷ অভিযান কালত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰাৰ লগতে গাঞ্জাৰ ব্যৱসায়ৰ সৈতে জড়িত দুই পিতা-পুত্ৰকো আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ হাতত আটক হোৱা পিতা-পুত্ৰদ্বয় হ’ল ক্ৰমে মিথুন দেৱনাথ আৰু গোপাল দেৱনাথ ৷ দুয়োৰ বিৰুদ্ধে নিষিদ্ধ সামগ্ৰীৰ ব্যৱসায়ত জড়িত থকাৰ অভিযোগ ৷ আৰক্ষীয়ে গাঞ্জাখিনি জব্দ কৰাৰ লগতে দুয়োকে এনডিপিএছ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি তদন্ত চলাই আছে ৷

Leave A Reply

Your email address will not be published.