Breaking

বিহালীৰ ৩ গড়াহনীয়া হটস্পট পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাৰ:‌৫ বছৰৰ ভিতৰত বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি মন্ত্ৰী পিযুষ হাজৰিকাৰ

0 2,055

সমগ্র ৰাজ্যত কৰণাৰ সমান্তৰালকৈ এতিয়া বান আৰু গড়াখহনীয়াৰ সন্ত্ৰাস ৷ বান আৰু খহনীয়াই এতিয়া সৰ্বস্ৰান্ত কৰিছে ৰাইজক ৷ সমগ্ৰ অসমৰ লগতে ৭৭ নং  বিহালী সমষ্টিতো বিভিন্ন  অঞ্চলত বান গৰাখহনীয়াৰ ফলত নৈ পৰীয়া অঞ্চললৈ ভাবুকি কঢ়িয়াই আনিছে। 
আনহাতে দেওবাৰে  বিহালীৰ খহনীয়াৰ জৰ্জৰিত স্থান বুৰৈ নদীৰ খহনীয়া স্থান  লালপুখুৰী, বটিয়ামাৰী  আৰু আৰু গাংথোন  শান্তিপুৰ পৰিদৰ্শন কৰে জল সম্পদ  মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷ হাজৰিকাই  বিহালী বিধান সভা সমষ্টিৰ অন্তৰ্গত বুৰৈ নদী  আৰু বৰগাং নদী গৰাখহনীয়া পৰিস্থিতি বুজ লৈ উক্ত অঞ্চলত সমূহত অনাগত দিনত বিজ্ঞান সন্মত ভাৱে প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিশ্বনাথ চাৰিআলি জল সম্পদ বিভাগক নিৰ্দেশ দিয়ে ।
 অসম চৰকাৰৰ জনসংযোগ আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাক সংগ দিয়ে ।তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, প্ৰাক্তন কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক ৰঞ্জিত দত্ত, জিলা উপায়ুক্ত, বিভাগীয় অভিযন্তা সকলে ।

Leave A Reply

Your email address will not be published.