Breaking

নগৰবেৰাৰ কল্যাণপুৰত চাঞ্চল্য, এটা পৰিয়ালক দলবদ্ধ আক্ৰমণ, মহিলা সহ আহত ৩

0 27


কামৰূপৰ নগৰবেৰাৰ আৰক্ষী থানাৰ অন্তৰ্গত কল্যাণপুৰ গাওঁৰ জাহাংগীৰ আলী নামৰ এটা পৰিয়ালক দলবদ্ধ আক্ৰমণ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে কিছুদিনৰ পূৰ্বে এক সংঘৰ্ষৰ বাবেই নিৰাপত্তাহীনতাত ভুগি দুৱাৰত তলা – লগাই আত্মগোপন কৰি আছিল পৰিয়ালটোৰ প্ৰতিজন সদস্যই। বুধবাৰে আবেলি লৰা -ছোৱালীৰ কিতাপ-কাপোৰ লবলৈ জাহাংগীৰ আলীৰ পত্নীয়ে দুৱাৰ খোলা মাত্ৰেই পূৰ্বেৰে প্ৰতিপক্ষৰ একাংশই দলবদ্ধভাৱে আক্ৰমণ কৰে মহিলা গৰাকীৰ।

আক্ৰমণত দা’, লাঠী ব্যৱহাৰ কৰা বুলি জানিবলৈ দিয়ে ভোক্তভোগী পৰিয়ালে। মহিলা গৰাকীৰ উপৰিও পৰিয়ালটোৰ আন দুজন লোকো আঘাতপ্ৰাপ্ত হয়। সম্প্ৰতি আহত কেইবাজনক নগৰবেৰা চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন।

উক্ত ঘটনা সন্দৰ্ভত জাহাংগীৰ আলীৰ পক্ষই নগৰবেৰা আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰে। আনহাতে ঘটনাটোক কেন্দ্ৰ কৰি গাঁৱখনত অব্যাহত আছে চেপা উত্তেজনা।

Leave A Reply

Your email address will not be published.