Breaking

পৌৰ সভাৰ দ্বাৰা টংলাত ৩০০ বগলী পোৱালি নিধন

0 2,046

ঘটনাস্হলী পৰ্যবেক্ষণ কৰে ওদালগুৰি জিলা উপায়ুক্তই

যিটো সময়ত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে চৰকাৰে ন ন আইন গ্ৰহণ কৰিছে। তেনে সময়তে যোৱা কালি টংলা পৌৰ সভাৰ বিষয়া-কৰ্মচাৰীয়ে টংলাৰ ১ নং ওৱাৰ্দৰ বাসিন্দা লোকজিৎ সূতাৰৰ ঘৰৰ এজোপা বাঁহত পৰিভ্ৰমী বগলীয়ে বাস কৰি থকা বাঁহ সমূহ কাটি পেলোৱাৰ ফলত প্ৰায় ৩০০ বগলীৰ পোৱালি মৃত্যুমুখত পৰে। যাৰ ফলত সমগ্ৰ টংলা অঞ্চলত বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা লগতে তীব্ৰ গৰিহণা দিয়ে। সংশ্লিষ্ট ঘটনাটো অৱগত হৈয়ে ওদালগুৰি জিলা উপায়ুক্ত ডʼ পি উদয় প্ৰবিন, ননৈ সংৰক্ষিত বনবিষয়া মৃন্ময় হাজৰিকা আৰু হৰিশিঙা ৰাজহচক্ৰৰ চক্ৰবিষয়া মনীষা নাথ ঘটনাস্থলীত উপস্থিত হয়। ওদালগুৰি জিলা উপায়ুক্ত পি উদয় প্ৰবীণে আঘাত প্ৰাপ্ত বগলী পোৱালি খিনি কাজিৰঙাৰ ৰিহেবিছন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। আনহাতে বনবিষয়াক কোনো খবৰ নিদিয়াকৈ বাঁহ কাটি নিধন কৰা টংলা পৌৰ সভাৰ দোষী বিষয়া কেইগৰাকীক উচিত তদন্ত কৰি শাস্তি প্ৰদান কৰিবলৈ টংলা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টংলা আঞ্চলিক, ওদালগুৰি জিলা আক্ৰাছু (পশ্চিম), ৰাভা ছাত্র সন্থা, এবছু‌ ওদালগুৰি জিলাৰ ৰাইজৰ দ’লৰ লগতে  বিভিন্ন প্ৰকৃতিপ্ৰেমী দল সংগঠনে অসম তথা বিটিআৰ চৰকাৰক দাবী জনায়।

Leave A Reply