Breaking

দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশন

0 22

দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশন ।

ৰবিবাৰে দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ ৩০ সংখ্যক বাৰ্ষিক অধিৱেশন খনি পলাশবাৰী সমষ্টিৰ খটিয়ামাৰী গাঁৱত দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ সভাপতি তিলক চন্দ্ৰ গোস্বামী ৰ বাসগৃহত সুকলমে সম্পন্ন হৈ যায়।

ৰাতিপুৱা ভাগত পতাকা উত্তোলন, শ্বহীদ তৰ্পণ , বন্তি প্ৰজ্বলন, স্বৰচিত কবিতা পাঠ,আলোচনা চক্ৰ আদি অনুষ্ঠিত হৈ যোবাৰ পিছত অধিৱেশনৰ মঞ্চ মুকলি কৰে দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ সদস্যা মোহিনী বালা‌ দাসৰ।

উক্ত সভাত নিৰ্দিষ্ট বক্তাৰ আসন গ্ৰহণ কৰে সাহিত্য মঞ্চৰ উপ সভাপতি ড: নগেন কলিতা,বিশিষ্ট অতিথি ৰাভা হাচং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ লগতে সমাজ কৰ্মী তথা ৰাজনৈতিক নেতা পংকজ লোচন গোস্বামীয়ে।

এই বাৰ্ষিক অধিৱেশনতে তিনিজনকৈ বিশিষ্ট সাহিত্যিক ক্ৰমে ,জিৰা হৰেশ্বৰ ৰাভাৰ প্ৰৱন্ধ সংকলন ” চাম্ফালী কৈলাশী আৰু পাণ্টান মৌজাৰ শ্ৰী শ্ৰী বুঢ়া গোসাঁইৰ থান” , কৈলাশ নাথ শৰ্মাৰ ” সাহিত্যৰ সোৱাদ” ৪ৰ্থ খণ্ড , বিমল দাসৰ কবিতা সংকলন” স্মৃতিৰ স্বাদ” আনুস্থানিক ভাবে উন্মোচন কৰা হয়।

উক্ত গ্ৰন্থ কেইখন উন্মোচন কৰে ৰাভা হাচংস্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা, দক্ষিণ কামৰূপ সাহিত্য মঞ্চৰ প্ৰাক্তন সভাপতি ৰূপেন্দ্ৰ কুমাৰ কলিতা আৰু গণ উত্তোৰণৰ মুখ্য সম্পাদক ভৱেশ বৈশ্য ই।

আনহাৰে স্মৰণিকা উন্মোচন কৰে নগৰবেৰা বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ প্ৰাক্তন সহযোগী অধ্যাপক ড: ৰনেন্দ্ৰ কুমাৰ দাসে ।

সভাত সাহিত্য মঞ্চৰ সদস্যাৰ দ্বাৰা পৰিৱেশিত গীতমাতে সভাৰ সৌষ্ঠব বৃদ্ধি কৰে।

Leave A Reply

Your email address will not be published.