Breaking

কোকৰাঝাৰত দিন দুপৰতে চিলনী চোৰে থপিয়াই নিলে জীৱন বীমা নিগমৰ ৩৪ লাখ টকা

0 40

কোকৰাঝাৰ ২০ জুন :- কোকৰাঝাৰত অৱনতি ঘটিছে আইন শৃংখলাজনিত পৰিস্থিতিৰ। যোৱা ৭২ ঘণ্টাত দুটাকৈ হত্যাকাণ্ড সংঘটিত হোৱাৰ লগতে আজি সদৰ চহৰৰ মাজমজিয়াৰ পৰা চিলনী চোৰে ৩৪ লাখ টকা কাঢ়ি নিয়া ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।


উল্লেখ্য যে আজি১১ মান বজাত জীৱন বীমা নিগমৰ গ্ৰাহকৰ সংগ্ৰহিত ধন ৩৪ লাখ টকা ভেণ্ডৰে সংগ্ৰহ কৰি কোকৰাঝাৰৰ এক্সিছ বেংকত জমা দিবলৈ আহিছিল। চি চি ফুটেজত প্ৰত্যক্ষ কৰা অনুসৰি কিনকিনীয়া বৰষুণ থকাৰ বাবে ভেণ্ডৰৰ কৰ্মচাৰীয়ে টকাৰ বেগ আৰু ছাতি লৈ এক্সিছ বেংকৰ কাষত গাড়ীৰ পৰা নামি পৰে । গাড়ীৰ পৰা নামি টকাৰ বেগ লৈ এক্সিছ বেংকলৈ যাওঁতেই মটৰচাইকেলত অহা হেলমেট পৰিহিত দুই দুৰ্ষ্কৃতিকাৰীয়ে থাপ মাৰি টকাৰ বেগ লৈ তীব্ৰ বেগে উধাও হয় । উক্ত বেগত ৩৪ লাখ টকা আছিল বুলি জানিব পৰা গৈছে ।


উল্লেখ্য যে অতি অসাৱধানতাৰ বাবে চিলনী চোৰে ৩৪ লাখকৈ টকা লুটিবলৈ সক্ষম হয় বুলি চৰ্চিত হৈছে। গাড়ীৰ ভিতৰত নিৰাপত্তাৰক্ষী আছিল যদিও গাড়ীৰ পৰা নমা নাছিল বুলি অভিযোগ উঠিছে । চি চি ফুটেজত অকল এগৰাকী ব্যাক্তিয়ে বৰষুণৰ মাজত ছাতি লৈ টকাৰ বেগ লৈ খোজকাঢ়ি থকা দেখা গৈছে।এক্সিছ বেংকৰ প্ৰায় সন্মুখৰ পৰাই টকাৰ বেগ কাঢ়ি দুই চিলনী চোৰ উধাও হোৱাৰ পিছত হাহাকাৰ লাগে যদিও জীৱন বীমা নিগমে যদিও এই সন্দৰ্ভত কোনো ধৰণৰ তথ্য সংবাদমাধ্যমৰ আগত সদৰি কৰা নাই । ইপিনে আৰক্ষীয়ে টকা কঢ়িয়াই নিয়া গাড়ীৰ চালক আৰু ভেণ্ডৰৰ কৰ্মচাৰীক সোধপোছৰ বাবে আটক কৰিছে আৰু পলাতক দুই মুল দুৰ্ষ্কৃতিকাৰী সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ।


ইপিনে দিন দুপৰতে কোকৰাঝাৰ সদৰ চহৰৰ জে ডি পথৰ দৰে ব্যস্ত পথৰ পৰা দুৰ্ষ্কৃতিকাৰীয়ে টকাৰ বেগ কাঢ়ি নিয়াক কেন্দ্ৰ কৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ।

Leave A Reply