Breaking

সৰ্বশিক্ষাৰ ৩৫ হাজাৰ বিশেষ শিক্ষক পদ সৃষ্টি,২লাখকৈ এককালীন সাহায্য ঃ কেবিনেটত সিদ্ধান্ত

0 47

আজি নলবাৰী জিলা প্ৰশাসনৰ কাৰ্যালয়ত আজি ৰাজ্যিক কেবিনেটখনি অনুষ্ঠিত হয় । বৈঠকত কেবিনেটে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে । উল্লেখ্য যে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল সম্বোধন কৰি গ্ৰহণ কৰা কেবিনেটৰ সিদ্ধান্তসমূহ হৈছে সৰ্বশিক্ষাৰ ৩৫ হাজাৰ বিশেষ শিক্ষক পদ সৃষ্টি কৰা, নলবাৰীৰ ৪ধৰ্মীয় স্থানলৈ ৩ কোটিকৈ টকা ৰাজ্য চৰকাৰে প্ৰদান কৰিব, তদুপৰি নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ যাবলৈ নিৰ্মাণ উৰণসেতু নিৰ্মাণ, নলবাৰীৰ মহেন্দ্ৰ নাৰায়ণ চৌধুৰী মহাবিদ্যালয়ত বিজ্ঞান শাখাৰ মুকলি কৰাৰ লগতে নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ যাবলৈ উৰণসেতু নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

ইয়াৰ উপৰিও বাজেটত আন কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰে তাৰ ভিতৰত মটৰ চাইকেলত হেলমেট নিপিন্ধিলে জৰিমনা ভৰাত বাহিৰে আন কাৰণত জৰিমনা ভৰিব নালাগে । ৩চকীয়া বাহনৰ ক্ষেত্ৰতো নাথাকে জৰিমনা । বিপৰীতে ৩চকীয়া বাহনে ৪বাৰ নিয়ম ভংগ কৰিলেহে জৰিমনা ভৰিব লাগিব |তাৰোপৰি সুৰা সেৱন কৰি বাহন চলালেও ভৰিব লগা হ’ব জৰিমনা ।আনহাতে এই বাজেটত একেলগে নলবাৰীত অত্যাধুনিক ষ্টেডিয়াম নিৰ্মাণৰ লগতে ৩০ ছেপ্টেম্বৰৰ ভিতৰত নলবাৰী জিলাৰ অবিবি শিক্ষকসকললৈ ২লাখকৈ এককালীন সাহায্য প্রদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।ইয়াৰ উপৰিও নলবাৰী জিলাত ১৯ কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা,
মৰাপাগলাদিয়া আৰু বুঢ়াদিয়া নৈৰ পাৰত মথাউৰি নিৰ্মাণৰ লগতে টিহু সমষ্টিতো ১৬ কিলোমিটাৰ আৰু বৰক্ষেত্ৰীত ৩ কিমি মথাউৰি নিৰ্মাণ হব বুলি প্ৰকাশ কৰে ।


মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৰুদ্ৰাক্ষ পুলি ৰোপণেৰে নলবাৰীত অনুষ্ঠিত অসম চৰকাৰৰ ১৪ সংখ্যক বহি:ৰাজধানী কেবিনেট বৈঠকখনৰ শুভাৰম্ভ কৰে ।বৈঠকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত দাস, কেশৱ মহন্ত আদিকে ধৰি ভালেকেইগৰাকী মন্ত্ৰী আৰু বিভিন্ন বিভাগৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

Leave A Reply