Breaking

মাজবাটৰ চিকাৰীডাঙাত ৩৭৪ কাৰ্টুন অবৈধ সুৰা জব্দ…

0 48

মাজবাটৰ চিকাৰীডাঙাত ৩৭৪ কাৰ্টুন বিলাতী সুৰা জব্দ৷অৰুণাচলৰ পৰা গুৱাহাটীলৈ নি থকা অৱস্থাত লালপানী আৰক্ষীয়ে জব্দ কৰে অবৈধ সুৰাখিনি ৷ জব্দ কৃত সুৰাখিনিৰ আনুমানিক বজাৰ মুল্য ১৫লাখ টকা ।

ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অধীনস্থ লালপানী আৰক্ষী চকীৰ অধীনস্থ অসম অৰুনাচল সীমান্তৰ চিকাৰীডাঙাত AS -01-EC-6245 টাটা 709 ট্ৰাকৰ পৰা অৰুনাচলী বিলাতী সুৰা জব্দ কৰে ৷ অৰুনাচল প্ৰদেশৰ টেংগা ভেলিৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অবস্থাত চিকাৰীডাংঙাৰ লালপানী প্ৰাথমিক বিদ্যালয়ৰ সন্মুখত ওৰাং মাজবাট ৰূপা পথত নিয়মীয়া তালাচী অভিযানত জব্দ ৩৭৪ কাৰ্টুন অবৈধ বিলাটি সুৰা।

এই ঘটনাৰ সংক্ৰান্ততত গাড়ীখনৰ চালক কামৰূপ জিলাৰ বিজয় নগৰৰ মফিদুল ইছলামক গ্ৰেপ্তাৰ কৰে ৷লালপানী আৰক্ষী চকীৰ আই চি প্ৰনৱ বৰুৱাই সাংবাদিকক জানিবলৈ দিয়ে যে জব্দ কৃত সুৰা খিনিৰ বজাৰ মুল্য প্ৰায় ১৫ লাখ টকা হব বুলি কয়।

Leave A Reply

Your email address will not be published.