38th National Games: মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে উদ্বোধন কৰিব ৩৮ সংখ্যক উত্তৰাখণ্ড ৰাষ্ট্ৰীয় ক্ৰীড়া

মঙলবাৰৰ পৰা উত্তৰাখণ্ডত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া আৰম্ভ হ’ব৷(38th National Games) ডেৰাডুনৰ আন্তৰ্জাতিক ক্ৰিকেট ষ্টেডিয়ামত আজি পাঁচ বজাৰ পৰা হ’ব লগা উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ভাৰতৰ শ্ৰেষ্ঠ ক্ৰীড়া প্ৰতিযোগিতাখন আনুষ্ঠানিকভাবে মুকলি কৰিব৷ অনুষ্ঠানত কমনৱেলথ গেমছ ফেডাৰেছনৰ সভাপতি ক্ৰিছ জেনকিনছ, উত্তৰাখণ্ডৰ ৰাজ্যপাল গুৰমীট সিং, ৰাজ্যৰ মখ্যমন্ত্ৰী পুস্কৰ সিং ধামি, ভাৰতীয় অলিম্পিক সন্থাৰ সভাপতি পি টি উষাসহ কেবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ অসম অলিম্পিক সন্থাৰ হৈ উদ্বোধনী অনুষ্ঠানত আমন্ত্ৰিত অতিথিৰূপে অংশ ল’ব সম্পাদক লক্ষ্য কোঁৱৰে৷(Uttarakhand)

ইফালে, উদ্বোধনী অনুষ্ঠানত অসম দলৰ ধ্বজাবাহক হ’ব ৰাজ্যৰ দুই তাৰকা আন্তৰ্জাতিক ক্ৰীড়াবিদ মহিলা শ্বাটলাৰ অস্মিতা চলিহা আৰু পুৰুষ উশ্বু খেলুৱৈ ছানমা ব্ৰহ্ম৷ উল্লেখ্য যে ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত মুঠ ৩৭ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত ৰাজ্য তথা বিভাগীয় দলে অংশ লৈছে৷ উদ্বোধনী অনুষ্ঠানত প্ৰতিটো দলৰ ২৫ গৰাকীকৈ খেলুৱৈ-বিষয়াক অংশগ্ৰহণৰ সুযোগ দিয়া হৈছে৷ অসম দলৰ চিফ দ্য মিছন অভিজিৎ ভট্টাচাৰ্যৰ লগতে দুই ডেপুটি চিফ দ্য মিছন হীৰেন গগৈ আৰু নিৰঞ্জন শইকীয়াসহ এথলীট পেৰেডত অংশ ল’ব এল হেমন্ত সিং, সুৰঞ্জন ভোবৰা, ময়ুৰী বৰ্মন, শান্তিপ্ৰিয়া হাজৰিকা, সুজেন বুঢ়াগোহাঁই, সুৰজ গোৱালা, ৰঞ্জন বুঢ়াগোহাঁই, ঈশাৰাণী বৰুৱা [বেডমিণ্টন], ৰঞ্জিত বড়ো, উদাংশ্ৰী নাৰ্জাৰী, খুদ্ৰা পাংগিং, প্ৰিয়া বড়ো, নিশিতা দত্ত, অজিত ৰাভা, ৰয়তলি বড়ো [উশ্বু], জ্যোতিষ কোঁৱৰ, দিলীপ গাওঁখোৱা, শ্ৰেয়ানী মজুমদাৰ, এট্টু ভূঞা আৰু সিদ্ধান্ত চেতাৰ্জী [শ্বুটিং]৷ আজি উদ্বোধনী অনুষ্ঠানৰ অন্তিম অনুশীলনতো অংশ লয় অসম দলে৷

ইফালে, দেওবাৰে গুৱাহাটীৰ পৰা সম্পাদক লক্ষ্য কোঁৱৰৰ নেতৃত্বত যোৱা অসম অলিম্পিক সন্থাৰ প্ৰতিনিধি দলটোৱে নতুন দিল্লীত সন্থাৰ সভাপতি তথা জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালক সাক্ষাৎ কৰি খেলুৱৈৰ আগমন আৰু প্ৰস্থানৰ লগতে উত্তৰাখণ্ডত থকা-খোৱা সকলো ব্যৱস্থাৰ বিষয়ে অবগত কৰে৷ উল্লেখ্য যে পূৰ্বৰ গুজৰাট আৰু গোৱাৰ দৰেই এইবাৰো মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় ক্ৰীড়ালৈ যোৱা অসম দলটোক বিমানৰে অহা-যোৱা কৰাৰ ব্যৱস্থা কৰি দিছে৷ অসম চৰকাৰৰ ক্ৰীড়া বিভাগে খেলুৱৈৰ বাবে প্ৰশিক্ষণ শিবিৰো আয়োজন কৰিছে৷ একেদৰে অসম অলিম্পিক সন্থাই সভাপতি তথা জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশনাৰে ৰাজ্যৰ খেলুৱৈয়ে কোনো অসুবিধা নপোৱাৰ এক সুব্যৱস্থা কৰিছে৷

এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমে মুঠ ২২ বিধ খেলত অংশ ল’ব৷ খেলুৱৈ আৰু বিষয়াসহ প্ৰায় তিনিশজনীয়া এটা দল অসমৰ পৰা যাব৷ আনহাতে, ৰাষ্ট্ৰীয় ক্ৰীড়াৰ খেল উত্তৰাখণ্ডৰ এঘাৰটা বিভিন্ন স্থানত অনুষ্ঠিত হ’ব৷ সেয়েহে অসম অলিম্পিক সন্থাই ৰাজ্যৰ কোনো খেলুৱৈয়ে যাতে অসুবিধাৰ সন্মুখীন নহয় সেই দিশটো স্বয়ং নিজৰ প্ৰতিনিধিক যথা স্থানত ৰাখি চোৱা-চিতা কৰাব৷ ‘অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আমাক নিৰ্দেশ দিছে যে ৰাজ্যৰ খেলুৱৈয়ে কোনো কাৰণতে প্ৰতিযোগিতাৰ সময়ত সমস্যাৰ সন্মুখীন হ’ব নালাগে৷ আমাৰ সভাপতি তথা জ্যেষ্ঠ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও ৰাষ্ট্ৰীয় ক্ৰীড়াৰ সময়ত ক্ৰীড়াবিদৰ কাষত ২৪ ঘণ্টা অসম অলিম্পিক সন্থাৰ প্ৰতিনিধিক উপস্থিত থাকিবলৈ নিৰ্দেশনা দিছে৷ সেয়েহে আমি নিজেই সকলোখিনি তদাৰক কৰিম৷ অসম অলিম্পিক সন্থাৰ প্ৰতিনিধিয়ে নিষ্ঠাৰে এই দায়িত্ব পালন কৰিবলৈ সাজু৷’ সম্পাদক লক্ষ্য কোঁৱৰে অৱগত কৰে৷

ইফালে, ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভ উদ্বোধনী ২৮ জানুৱাৰীত হ’ব যদিও ইতিমধ্যে খেল আৰম্ভ হৈছে৷ সোমবাৰে অসমৰ মহিলা বীচ্ছ হেণ্ডবল দলে গ্ৰুপৰ প্ৰথম মেচত হাৰিয়ানাৰ বিৰুদ্ধে ২-০ গলত পৰাস্ত হয়৷ অসমে কাইলৈ মহাৰাষ্ট্ৰ আৰু ২৯ জানুৱাৰীত উত্তৰাখণ্ডৰ বিৰুদ্ধে পৰৱৰ্তী মেচ খেলিব৷ এই উভয় মেচে নকআউট যোগ্যতাৰ দৃষ্টিৰে অসমৰ বাবে গুৰুত্বপূৰ্ণ৷ ইফালে, ট্ৰাইথলনৰ একক শাখাত অসমৰ পুৰুষ-মহিলা খেলুৱৈয়ে পদক লাভ পৰা বঞ্চিত হৈছে৷ ইফালে, অসমৰ পুৰুষ ফুটবল দলৰ লগতে সাঁতোৰ আৰু স্ক’ৱাছ দলো সোমবাৰে উত্তৰাখণ্ডত উপস্থিত হৈছে৷ যিহেতু উত্তৰাখণ্ডত শীতৰ প্ৰকোপ বেছি সেয়েহে অসমৰ পৰা গৈ খেলুৱৈয়ে যাতে ঠাণ্ডাৰ পৰিবেশৰ লগত মিলিব পাৰে সকলো খেলুৱৈক খেলৰ দুদিন পূৰ্বে উপস্থিত হোৱাৰ ব্যৱস্থা কৰা হৈছে৷

Related Articles