Breaking

১৪ জুলাইত নগাঁও জিলা কবি সন্মিলনৰ তৃতীয় দ্বি-বাৰ্ষিক পূৰ্ণাংগ ধিং অধিৱেশন, মুখপত্ৰ ‘খাগৰিজান’ৰ উন্মোচন কৰিব ‘দৈনন্দিন বাৰ্তা’ৰ কাৰ্যবাহী সম্পাদক ডিম্পুল কুমাৰ চুতীয়াই…

0 126

১৯৮৭ চনত কবিতাক মানুহৰ প্ৰিয়তম সম্পদলৈ ৰূপান্তৰ কৰাৰ লক্ষ্য আৰু উদ্দেশ্যৰে গঠন হোৱা সদৌ অসম কবি সন্মিলনৰ অন্যতম জিলা নগাঁও জিলা কবি সন্মিলনে ১৪ জুলাই তাৰিখে তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনখনি ধিং আঞ্চলিক কবি সন্মিলনৰ আতিথ্যত দিনজোৰা কাৰ্যসূচীৰে ধিং মহাবিদ্যালয়ৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহত আয়োজন কৰিছে। সেই উপলক্ষে নগাঁও জিলা কবি সন্মিলন তথা ধিং আঞ্চলিক কবি সন্মিলনে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে। নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকা, সম্পাদক ৰাজু সমীৰণ, ধিং শাখা কবি সন্মিলনৰ সম্পাদক পল্লৱী শৰ্মা আৰু সভাপতি কৰৱী শইকীয়াই জানিবলৈ দিয়া কাৰ্যসূচী অনুসৰি ১৪ জুলাইৰ পুৱা ৮ বজাত পতাকা উত্তোলনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব ধিং আঞ্চলিক কবি সন্মিলনৰ সভাপতি কৰৱী শইকীয়া আৰু প্ৰাক্তন সভাপতি নিৰলা শইকীয়াই। ইয়াৰ পাছতে পতাকা উত্তোলন কৰিব নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাই।

পৰৱৰ্তী কাৰ্যসূচীত সদৌ অসম কবি সন্মিলনৰ পিতৃ পুৰুষ স্বৰূপ ৰাম গগৈৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব জামুগুৰি শাখা কবি সন্মিলনৰ সভাপতি কৰৱী লিগিৰাই। পৰৱৰ্তী কবি শ্ৰদ্ধাৰ্ঘ অনুষ্ঠানৰ শুভাৰম্ভণি কৰিব নগাঁও জিলা কবি সন্মিলনৰ উপদেষ্টাদ্বয় মোলান লস্কৰ আৰু কেশৱ বৰাই। ইয়াৰ পাছতেই নগাঁও জিলা কবি সন্মিলনৰ জ্যেষ্ঠ কবি তথা বিষয়ববীয়া সকলৰ নেতৃত্বত এলানি গছপুলি ৰোপণৰ কাৰ্যসূচী সম্পন্ন হ’ব। অনুষ্ঠান স্থলীতে আয়োজিত ক্ষুদ্ৰ গ্ৰন্থমেলাৰ দ্বাৰ উদঘাটন কৰিব ধিং জ্যেষ্ঠ নাগৰিক সন্থাৰ সম্পাদক খগেন্দ্ৰ নাথ দেৱ শৰ্মাই। ১০ বজাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিনিধি সভাৰ উদ্বোধন কৰিব শিশু-সাহিত্যিক ত্ৰৈলোক্য ভট্টাচাৰ্যই। অন্যহাতে প্ৰতিনিধি সভাৰ সমান্তৰালকৈ অনুষ্ঠিত হ’বলগীয়া আমন্ত্ৰিত কবিৰ কবি সন্মিলনৰ উদ্বোধন কৰিব নগাঁও জিলা কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সম্পাদক মদাৰজ্যোতিয়ে। উল্লেখযোগ্য যে অনুষ্ঠানত আমন্ত্ৰিত কবিৰূপে মনোজ কুমাৰ দেওৰজা, জয়ন্ত কুমাৰ মান্তা, মাধৱ চন্দ্ৰ ডেকা, মৌচুম বুঢ়াগোহাঁই, প্রজ্ঞা পাৰমিতা বৰুৱা, কৌস্তুভ খাউণ্ড, মিনতি দেৱী কাকতি, ড° ৰূপা ডেকা পাটৰ, দীপ হেষ্টিংচ বড়ি, সত্যজিত গগৈ, ফটিক নন্দন ৰাভা, ৰাজীৱ ৰাভা, জিতুমণি বৰদলৈ, ড° নিৰ্মালি বৰা মালাকাৰ, মিন্টু দাস, ময়ুৰ কুমাৰ বৰা, গোবিন্দ মালাকাৰ, কুমাৰ বিভূতি উপস্থিত থকাৰ লগতে সত্ৰ পৰিচালক হিচাপে গুণ কাকতী, ৰাজেন বৰা, অশোক ৰাম ভট্টাচার্য, কৰবী লিগিৰা, পুতুল চন্দ্র ডেকা, অতুল চন্দ্ৰ কাকতি, সঞ্জীৱ সাগৰ চৌধুৰী, কৰবী শইকীয়া, শশী কেওট, কল্পনা মহন্ত ডেকা, বিনু লস্কৰ ঠাকুৰীয়া, এল. প্রদীপ কুমাৰ সিংহ, পুতুলী মুদৈ উপস্থিত থাকিব।

বিয়লি দুই বজাৰ মুকলি সভা দ্বিজেন্দ্ৰ নাথ হাজৰিকাই সভাপতিত্ব কৰাৰ বিপৰীতে আদৰণি ভাষণ আগবঢ়াব ৰাজু সমীৰণে। সভাত মূখ্য অতিথি ৰূপে উপস্থিত থাকিব সদৌ অসম কবি সন্মিলনৰ সভাপতি বংশী বৰা, প্ৰধান সম্পাদক ছৈয়দ পাৰভিজ হুছেইন। নিৰ্দিষ্ট বক্তাৰূপে কবি উজ্জ্বল পাওগাম, বিশিষ্ট অতিথি ৰূপে সন্মিলনৰ প্ৰাক্তন সভাপতিত্ৰয় প্ৰদীপ শইকীয়া, ড° মাণিক শইকীয়া, নীলকান্ত শইকীয়া, ধিং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বিমান হাজৰিকা, প্ৰাক্তন মন্ত্ৰী গৌতম বৰা, নিত্যানন্দ বৰা,ড ° জোনাৰাম নাথ, ড° ৰূপাঞ্জলি দেৱী, অজিত শৰ্মা, দীনেশ নাথ, মমতা নায়ক, প্ৰিয়ংকা নায়ক, কুশ মহন্ত, দিলীপ কুমাৰ নাথ, অমল বৰা,পৱন শৰ্মা, মৃদুল কুমাৰ চহৰীয়াৰ লগতে সন্মানীয় আৰু আমন্ত্ৰিত অতিথিৰূপে বিশিষ্ট কবি ড° লখিমী গগৈ, পলিমা চেতিয়া বসুমতাৰী, হেমন্ত ভাৰতী, প্ৰচাৰ সম্পাদক, সদৌ অসম কবি সম্মিলন ভবেন চন্দ্র নাথ, কৃষ্ণ দৈমাৰী, অনিৰুদ্ধ ডেকা, ছাৰ এৎ হান্সে, অশোক কুমাৰ ডেকা, শ্বপন মৈত্র,সংগীতা ৰাজখোৱা, বিদ্যাৰাম ছিংনাৰ,প্রভাত চন্দ্ৰ বৰদলৈ,ৰাজীৱ চহৰীয়া, মহেন্দ্রনাথ হাজৰিকাকে প্ৰমূখ্য কৰি ভালেকেইজন বিশিষ্ট লোক উপস্থিত থাকিব। অন্যহাতে মুকলি সভাৰ আৰম্ভণি ঘটিব ধিং আঞ্চলিক কবি সন্মিলনৰ শিল্পী সকলৰ দ্বাৰা সমবেত সংগীত পৰিবেশনেৰে, পৰৱৰ্তী আদৰণি ভাষণ, মূখ্য অতিথি আৰু নিৰ্দিষ্ট বক্তাৰ ভাষণৰ পিছতেই নগাঁও জিলা কবি সন্মিলনৰ মুখপত্ৰ ‘খাগৰিজান’ৰ উন্মোচন কৰিব দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্যবাহী সম্পাদক তথা কবি, নিবন্ধকাৰ ডিম্পুল কুমাৰ চুতীয়াই। ইয়াৰ পিছতেই ধিং শাখাৰ পত্ৰিকা ‘আকাশ’ উন্মোচন কৰিব নগাঁও জিলা কবি সন্মিলনৰ প্ৰাক্তন সভাপতি দিলীপ কুমাৰ নাথে। এই মুকলি সভাতে নগাঁও জিলা কবি সন্মিলনৰ দ্বাৰা কেইবাটিও বঁটা, সন্মান আৰু সম্বৰ্ধনা প্ৰদান কৰা হ’ব । বঁটা প্ৰদান অনুষ্ঠানত ‘প্রমোদৰাম ভট্টাচাৰ্য্য আৰু সৌজন্যময়ী ভট্টাচার্য্য সোঁৱৰণী শ্রেষ্ঠ সাহিত্য সম্মান’ প্রয়াগ শইকীয়ালৈ, ‘কঁপয়া কোচ সোঁৱৰণী সাহিত্যপ্রাণ সম্মান’ গুণ কাকতীলৈ, ‘স্বভাৱ কবি নৱদ্বীপ দাস সোঁৱৰণী বঁটা’ লক্ষী মেধিলৈ, ‘নৰপ্ৰসাদ শৰ্মা সোঁৱৰণী সমাজহিতৈষী সম্মান’ উৎপল বণিয়ালৈ, ‘নগঞা শিল্পী বঁটা’ ধ্ৰুৱ কুমাৰ ৰাজালৈ আগবঢ়োৱাৰ লগতে ‘গিৰিন কোঁচ আৰু পদুম বৰা সোঁৱৰণী কাব্য-অৰুণ বঁটা’ ক্রমে তুলিকা দেবী আৰু আশা বৰা মনলৈ আগবঢ়োৱাৰ হ’ব। একেদৰে ‘গিৰিন কোঁচ আৰু পদুম বৰা সোঁৱৰণী কাব্যপ্রভাত সম্মান’ ক্রমে বিনয় দাস, শিখা শইকীয়া আৰু তৃষ্ণা বৰা দাসলৈ আগবঢ়োৱাৰ লগতে বিশিষ্ট কবি প্রয়াত ‘ধীৰেন চন্দ্ৰ কাকতী সোঁৱৰণী কবিতা প্রতিযোগিতা’ৰ প্রথম, দ্বিতীয় আৰু তৃতীয় শ্রেষ্ঠ বঁটাপ্রাপক ক্রমে ইলামণি শইকীয়া, কৃষ্ণ দৈমাৰী, অংকুৰিতা ফুকন, বিচাৰকৰ বিশেষ সম্মানপ্রাপক ৰশ্মিতা শইকীয়াকো বঁটা প্ৰদান কৰা হ’ব। নগাঁও জিলা কবি সন্মিলনৰ ‘শ্রেষ্ঠ সংগঠক’ৰ বঁটা ক্রমে প্রদ্যুম্ম বৰা আৰু কবিতা বৰালৈ আগবঢ়োৱাৰ লগতে ‘প্ৰচাৰকৰ সম্মান’ লক্ষ্যজ্যোতি বৰা, দৈনন্দিন বাৰ্তা কাকতৰ সাংবাদিক ৰূপম নাথ আৰু ডিবি নিউজৰ নৱ কাশ্যপলৈ আগবঢ়োৱা হ’ব। শ্রেষ্ঠ ‘নৱাগত সংগঠকৰ সন্মান’ ক্রমে আৰতি মেধি আৰু পল্লৱী শর্মালৈ আগবঢ়োৱাৰ লগতে বিশেষ সম্বর্দ্ধনা আগবঢ়োৱা হ’ব জ্যেষ্ঠ সাংবাদিক তথা দৈনন্দিন বাৰ্তাৰ সাংবাদিক বুলন চন্দ্ৰ নাথ, নীলকমল শইকীয়া, দীপক কুমাৰ শৰ্মা, দেৱজিত হাজৰিকা, বন্দনা নাথ ঠাকুৰীয়া আৰু কনক হাজৰিকাক।

তাৰোপৰি ‘প্রথম শ্রেষ্ঠ শাখাৰ সম্মান’ কামপুৰ আঞ্চলিক কবি সম্মিলনলৈ, ‘দ্বিতীয় শ্রেষ্ঠ শাখা’ৰ সম্মান ফুলগুৰি আঞ্চলিক কবি সম্মিলনলৈ, ‘তৃতীয় শ্রেষ্ঠ শাখা’ৰ সন্মান ৰঙাজিঞা সদৰ শাখালৈ আগবঢ়োৱাৰ লগতে কলিয়াবৰ শাখালৈ ‘অভিনন্দন সন্মান’ আৰু ধিং আঞ্চলিক কবি সন্মিলনলৈ ‘কৰ্মপ্ৰাণ’ সন্মান আগবঢ়োৱা হ’ব। উল্লেখযোগ্য যে সভাৰ শেষত পল্লৱী শৰ্মা শলাগৰ শৰাইৰ পিছতে কাব্যমন্ত্ৰ পাঠেৰ সামগ্ৰিক অনুষ্ঠানৰ সামৰণি পৰিব। অনুষ্ঠানত সকলো ৰাইজ তথা কাব্যপ্ৰাণৰ উপস্থিতি কামনা কৰিছে নগাঁও জিলা কবি সন্মিলন তথা ধিং আঞ্চলিক শাখা কবি সন্মিলনৰ বিষয়ববীয়াসকলে।

Leave A Reply

Your email address will not be published.