দৈনন্দিন বাৰ্তাৰ ডেস্ক:
ক’ৰোনা ভাইৰাছত আক্ৰান্তসকলৰ ভিতৰত ৪.১৬ শতাংশ অৰ্থাৎ ৭৪২৩ জন ব্যক্তিক ভেণ্টিলেটৰৰ সহায় লাগে ৷ চৰকাৰৰ এজন বিষয়াই এই কথা উল্লেখ কৰে ৷ বিষয়াজনে লগতে কয় যে ২৭৩১৭ জন, যিটোৰ পৰিমাণ প্ৰায় ১৫.৩৫ শতাংশ ক’ৰোনাত আক্ৰান্ত লোকক আইচিইউ আৰু ২৮৩০১ জন অৰ্থাৎ ১৫.৮৯ শতাংশ ৰোগীক অক্সিজেনৰ প্ৰয়োজন হয় ৷ কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে দেশত বুধবাৰৰ পুৱা ৮ বজালৈকে মুঠ ক’ৰোনাত আক্ৰান্তৰ সংখ্যা হ’ল ৪৫৬১৮৩জন৷ ইয়াৰ লগতে মুঠ মৃত্যুৰ সংখ্যা ১৪৪৭৬ জন হ’ল ৷ দেশত যোৱা ২৪ ঘণ্টাত ৪৬৫ জন লোকৰ মৃত্যু হয় আৰু নতুনকৈ আক্ৰান্ত হয় ১৫৯৬৮ জন লোক৷ যোৱা ২৩ জুনত আইচিইউত ২৭৩১৭ (১৫.৩৪ শতাংশ), ভেণ্টিলেটৰত ৭৪২৩ (৪.১৬ শতাংশ) আৰু অক্সিজেন ২৮৩০১ (১৫.৮৯ শতাংশ) জনক ব্যৱস্থা কৰি দিয়া হৈছে৷ ২৩ জুনত মুঠ ২.৫৭ শতাংশ ক’ৰোনাত আক্ৰান্তক অক্সিজেনৰ প্ৰয়োজন হয় ৷ ইয়াৰ বিপৰীতে ২২ জুনত ২.৫৩ শতাংশক প্ৰয়োজন হৈছিল ৷ তদুপৰি ২২ জুনত ০.৫৪ শতাংশক ভেণ্টিলেটৰ আৰু ২.৯৯ শতাংশক অক্সিজেন লাগিছিল৷ ইয়াৰ উপৰি ২৫৮৬৮৪ জন ক’ৰোনাত আক্ৰান্ত আৰোগ্য হোৱাত ঘৰলৈ যাবলৈ দিয়া হয়৷ মন্ত্ৰালয়ৰ মতে ক’ৰোনাত আক্ৰান্ত হৈ আৰোগ্য হোৱা লোকৰ পৰিমাণ হ’ল ৫৬.৭১ শতাংশ ৷ উল্লেখ্য যে বিশ্ব স্বাস্থ্য সংস্থাৰ মতে ভাৰতত প্ৰতি লাখত মৃত্যু হোৱা লোকৰ সংখ্যা কম৷ ইপিনে দেশৰ ভিতৰত সৰ্বাধিক আক্ৰান্ত ৰাজ্যখন হ’ল মহাৰাষ্ট্ৰ ৷ এই ৰাজ্যখনত মুঠ আক্ৰান্ত ১৩৯০১০ জন আৰু মৃত্যুৰ পৰিমাণ হ’ল ৬৫৩১ জন ৷
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়
- Animal Fat Used Laddu Prasadam: মন্দিৰৰ প্ৰসাদৰ লাড়ুক লৈ বিতৰ্ক! লাড়ুত জন্তুৰ চৰ্বি মিহলাই বুলি অভিযোগ এগৰাকী মুখ্যমন্ত্ৰীৰ
- Urinary Tract Infection: প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা, বিষ প্ৰস্ৰাৱ সংক্ৰমণৰ লক্ষণ!
- Father Killed Son: শিৱসাগৰত চাঞ্চল্যকৰ কাণ্ড! পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ
- Shri Shri Rudra Mahayagya: খানাপাৰাত শ্ৰীশ্ৰী ৰুদ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাৰ সফল সামৰণি
- Swacchata hi seva: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ