ধবুৰীৰ পাছতে ১৮২০ চনত স্হাপিত উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়টো প্ৰচীন গুৰুদ্বাৰ ৰহাৰ চাপৰমুখৰ গুৰুদ্বাৰা মাতাজীত ৪ এপ্ৰিলৰ পৰা চলি থকা শিখ নৱম গুৰু টেগ বাহাদুৰৰ ৪০১ সংখ্যক জন্মোৎসৱৰ আজি সামৰণি পৰে। প্ৰকাশ উৎসৱ হিচাপে লৈ পালন কৰি অহা ১৫ দিনীয়া এই উৎসৱৰ প্ৰত্যেক দিনাই গুৰু গ্ৰন্থচাহিব পাঠৰ লগতে ধৰ্মালোচনী সভা অনুষ্ঠিত হয়। প্ৰকাশ উৎসৱৰ লগত সংগতি ৰাখি দেওবাৰে উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। আজি অনুষ্ঠিত হোৱা সামৰণি অনুষ্ঠানত কেইবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্দ্ধনা জনোৱা হয়। সামৰণি অনুষ্ঠানত কেইবাগৰাকীও শিল্পীয়ে ভজন পৰিবেশন কৰে। সামৰণি অনুষ্ঠানত ৰহাৰ বিধায়ক শশীকান্ত দাসেো উপস্থিত থাকে।
উল্লেখ্য যে গুৰু টেগ বাহাদুৰৰ ৪০১ সংখ্যক জন্মোৎসৱৰৰ এই প্ৰকাশ উৎসৱত ৰাজ্যৰ লগতে পঞ্জাৱ, দিল্লী, উত্তৰ প্ৰদেশ, বিহাৰ আদিৰ পৰাও বহু ধৰ্মীয় নেতাই অংশগ্ৰহণ কৰেহি।৪ এপ্ৰিলত আশা -দীৱাৰ কীৰ্তনেৰে আৰম্ভ হোৱা অনুষ্ঠানত “গুৰু গ্ৰন্থ চাহিবৰ “অবিৰত পাঠ কৰাৰ পাছত যোৱা কালি দুপৰীয়া ‘গুৰু -কা – লঙ্গৰ’ ধৰ্মীয় শোভাযাত্ৰা ,ধৰ্মীয় সভাৰ পাছত আজি পুৱা “গুৰু-গ্ৰন্থ – চাহিবৰ ” ১৩ তম্ আৰু ১৪ তম্ অখণ্ড পাঠৰ সমাপ্তি হয় । দুপৰীয়া অনুষ্ঠিত হয় ধৰ্মীয় সভা । আমন্ত্ৰিত জ্ঞানী- জেঠাদাৰৰ দ্বাৰা ” চৱদ- কীৰ্তন” আৰু ধৰ্মীয় চৰ্চাৰ অনুষ্ঠানত সভাপতিত্ব কৰে সাংবাদিক তথা আদৰণী সমিতিৰ সভাপতি ৰাজবীৰ সিংহই ।বিয়লি বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ সামৰণি হয় ।