Breaking

৪৭ ডিগ্ৰী! অগ্নিকুণ্ডৰ মাজত দিল্লী, ৰেড এলাৰ্ট জাৰি; শীঘ্ৰে ঘোষণা কৰা হ’ব বিদ্যালয়ৰ গৰমৰ বন্ধ…

0 34

সকলো অভিলেখ ভংগ কৰি দিল্লীত তাপমাত্ৰাই ৪৭ ডিগ্ৰী চেলচিয়াছৰ ঘৰ অতিক্ৰম কৰিলে। এক কথাত ক’বলৈ গ’লে দেশৰ ৰাজধানী চহৰ নতুন দিল্লী এতিয়া যেন অগ্নিকুণ্ডৰ মাজত আছে। মঙলবাৰে ৰাজধানী চহৰ খনত তাপমাত্ৰা ৪৭ ডিগ্ৰী চেলচিয়াছ হৈছে। এনে সময়তে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই পৰৱৰ্তী পাঁচ দিনত দিল্লীত উত্তাপ আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা ব্যক্ত কৰিছে। দিল্লীৰ কিছু অংশত পাৰাস্তম্ভই আজি আকৌ এবাৰ ৪৭ ডিগ্ৰী চেলচিয়াছ স্পৰ্শ কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) দিল্লীত ‘ৰেড এলাৰ্ট’ জাৰি কৰিছে।

হিটৱেভৰ বাবেই ৰাষ্ট্ৰীয় ৰাজধানী খনত বিদ্যুতৰ চাহিদা সৰ্বাধিক কৰি তুলিছে। গৰমৰ পৰা ছাত্ৰ-ছাত্ৰীসকলক ৰক্ষা কৰিবলৈ চৰকাৰে অঞ্চলটোৰ বিদ্যালয়সমূহক গ্ৰীষ্মকালীন বন্ধবোৰ তাৎক্ষণিক ভাবে নিৰ্ধাৰণ কৰিবলৈ নিৰ্দেশ দিছে। দিল্লীত যোৱা কেইদিনমানৰ পৰা অধিক গৰম হৈ আহিছে। চহৰ খনত দেওবাৰে তাপমাত্ৰা ৪৪.৪ ডিগ্ৰী চেলচিয়াছ আছিল। শনিবাৰে তাপমাত্ৰা আছিল ৪৩.৬ ডিগ্ৰী চেলচিয়াছ, শুকুৰবাৰে ৪২.৫ ডিগ্ৰী চেলচিয়াছৰ আছিল যদিও মঙলবাৰে তাপমাত্ৰা ৪৭ ডিগ্ৰী চেলচিয়াছ হয়গৈ । দক্ষিণ-পশ্চিম দিল্লীৰ নজফগড়ত সোমবাৰে তাপমাত্ৰা ৪৭.৪ ডিগ্ৰী চেলচিয়াছ হয়। দেওবাৰে তাত তাপমাত্ৰা আছিল ৪৭.৮ ডিগ্ৰী চেলচিয়াছতকৈ অলপ কম, যি এই ঋতুত এতিয়ালৈকে দেশৰ ভিতৰতে সৰ্বাধিক তাপমাত্ৰা হিচাবে পৰিগণিত হৈছে।

ইফালে, মুংগেশপুৰত ৪৭.১ ডিগ্ৰী, আয়া নগৰত ৪৫.৭ ডিগ্ৰী, পুছাত ৪৬.১ ডিগ্ৰী, পীতাম্পুৰাত ৪৬.৬ ডিগ্ৰী আৰু পালমত ৪৬.৬ ডিগ্ৰী ৰেকৰ্ড কৰা হৈছে। এক বিজ্ঞপ্তিত দিল্লীৰ শিক্ষা সঞ্চালকালয়ে নিৰ্দেশ দিছে যে চলিত শিক্ষাবৰ্ষৰ বাবে সকলো বিদ্যালয় ১১ মে’ৰ পৰা ৩০ জুনলৈ গ্ৰীষ্মকালীন বন্ধ পালন কৰিবলৈ নিৰ্দেশ দিয়া হ’ব। ইপিনে দিল্লীত গৰমৰ বাবে বহু লোক অসুস্থ হৈ পৰাৰ খবৰ পোৱা গৈছে।

Leave A Reply

Your email address will not be published.