Breaking

ঢেকীয়াজুলি শংকৰ আজান মহাবিদ্যালয়ৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন…

0 30

ঢেকীয়াজুলি শংকৰ আজান মহাবিদ্যালয়ৰ আজি চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়৷উল্লেখ্য যে ২০২০ চনৰ ৫ জুন তাৰিখে সমাজকৰ্মী আইজুল ইছলামৰ প্ৰচেষ্টাত আৰু একাংশ সমাজসচেতন ব্যক্তিৰ সহযোগত কৰুণা মহামাৰীৰ সময়তে শ্বহীদ নগৰী ঢেকীয়াজুলিত বিভিন্ন প্ৰত্যাহ্বান নেওচি প্ৰতিষ্ঠা লাভ কৰিছিল শংকৰ আজান মহাবিদ্যালয়ে৷ জন্মলগ্নৰে পৰা ঢেকীয়াজুলি শংকৰ আজান বিদ্যালয়খনে মানৱসম্পদ গঢ়িবৰ বাবে অঞ্চলটোত এক শৈক্ষিক সংগ্ৰাম চলাই আহিছে৷ ২০২০ চনৰ ৫ জুন তাৰিখে প্ৰতিষ্ঠা লাভকৰা শংকৰ আজান মহাবিদ্যালয়খনিত আজি দিনজোৰা কাৰ্যসূচীৰে আজি উদ্‌যাপন কৰিলে চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস৷ ৰাতিপুৱা বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত দিনৰ এক বজাৰ পৰা অনুষ্ঠিত হ’ল মুকলি সভা৷

শংকৰ আজান মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিশ্বজিৎ পালে সভাপতিত্ব কৰা আজিৰ মুকলি সভাখনিৰ উদ্দেশ্য ব্যাখ্যা কৰে শংকৰ আজান মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক আইজুল ইছলামে৷শংকৰ আজান মহাবিদ্যালয়ৰ আজিৰ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাৰ কাৰ্যসূচীত মুখ্য অতিথি হিছাপে উপস্থিত থাকি শৈক্ষিক দিশত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্য গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় অৱসৰপ্ৰাপ্ত শিক্ষক বিধু ভূষণ ৰায়ে৷আজিৰ অনুষ্ঠানটিত উত্তৰ পুৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমছুৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক আজমল হুছেইন,শংকৰ আজান মহাবিদ্যালয়ৰ অধ্যক্ষা ববীতা বৰাৰ লগতে অধ্যাপক-অধ্যাপিকা সকলৰ উপৰিও দুই শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷

Leave A Reply

Your email address will not be published.