Breaking

মলদ্বাৰৰ ভিতৰত ৫.৫ কিলোগ্ৰাম সোণ! আহমেদাবাদ বিমানবন্দৰত শুল্ক বিভাগে গ্ৰেপ্তাৰ কৰিলে যাত্ৰীৰূপী চোৰাং বেপাৰীক…

0 58

বহু চেষ্টা কৰিও সফল নহ’ল তেওঁ। মলদ্বাৰৰ ভিতৰত সোণ লুকুৱাই আনি ধৰা পৰিল এগৰাকী যাত্ৰী। বিমানত এনেদৰে সোণ চোৰাং কৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাতে শুল্ক বিষয়াসকলে ধৰা পেলায় যাত্ৰীগৰাকীক। শুল্ক বিষয়াসকলৰ মতে ঘটনাটো আহমেদাবাদৰ চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হৈছে। বিষয়াসকলৰ মতে, যাত্ৰীজন সন্দেহজনক অৱস্থাত থকাটো লক্ষ্য কৰা হৈছিল। ইয়াৰ পিছতে তেওঁক বিমানবন্দৰৰ পৰা আটক কৰা হয়। পৰীক্ষাৰ পিছত দেখা যায় যে যাত্ৰীজনে মলদ্বাৰৰ ভিতৰত সোণ ভৰ্তি কৰি আনিছিল।

সোণ চোৰাংকৈ সৰবৰাহ কৰিবলৈ তেওঁ সোণৰ পেষ্ট তৈয়াৰ কৰিছিল আৰু মলদ্বাৰত ভৰাই দিছিল। ধৰা পৰাৰ পিছতে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু অস্ত্ৰোপচাৰৰ জৰিয়তে সোণখিনি উদ্ধাৰ কৰা হয়। বিষয়াসকলে প্ৰকাশ কৰা মতে জব্দ কৰা সোণৰ ওজন ৫.৫ কিলোগ্ৰাম । তেওঁলোকৰ মতে চোৰাং ব্যৱসায়ীসকলে সাধাৰণতে চিচিটিভি কেমেৰা, মিক্সাৰ গ্ৰাইণ্ডাৰ, বৈদ্যুতিক কেটলীৰ ভিতৰত সোণ ভৰাই চোৰাংকৈ সৰবৰাহ কৰিবলৈ চেষ্টা কৰে। বহুলোকে সোণৰ পেষ্ট তৈয়াৰ কৰে আৰু সেইবোৰ কাপোৰ বা শৰীৰৰ ভিতৰত প্ৰৱেশ কৰোৱাই সোণ চোৰাংকৈ সৰবৰাহ কৰাৰ চেষ্টা কৰে। চলিত বিত্তীয় বৰ্ষত এতিয়ালৈকে চোৰাংকৈ সৰবৰাহ কৰিব বিচৰা ১০০ কিলোগ্ৰামৰো অধিক ওজনৰ সোণ উদ্ধাৰ কৰা হৈছে।

Leave A Reply

Your email address will not be published.