বোকাজানত ৫ টাকৈ বিলুপ্তপ্ৰায় চিম্পাঞ্জী উদ্ধাৰ

বোকাজানত ৫ টাকৈ বিলুপ্তপ্ৰায় চিম্পাঞ্জী উদ্ধাৰ।একপ্ৰকাৰ অপৰাধীৰ ৰম্যভূভি হৈ পৰিছে ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ। চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু মণিপুৰ পৰা এই পথেৰে নিতৌ অবৈধ মাৰণাস্ত্ৰ, ড্ৰাগছ আদি সৰবৰাহ হৈ থকাৰ সময়তে এইবাৰ উদ্ধাৰ হৈছে পাঁচটাকৈ দুষ্প্ৰাপ্য চিম্পাঞ্জী।বোকাজান মহকুমাৰ অন্তৰ্গত ডিলাই আৰক্ষীৰ নিয়মীয়া তালাচীত মংগলবাৰে নিশা ধৰা পৰে অবৈধ ভাৱে সৰবৰাহ কৰা দুষ্প্ৰাপ্য চিম্পাঞ্জীকেইটা।ডিমাপুৰৰ পৰা এখন মাৰুতি ইক’ গাড়ীত লৈ আহিছিল চিম্পাঞ্জীকেইটা। আৰক্ষীয়ে জব্দ কৰা বাহনখনৰ নম্বৰ হৈছে MN 01AG 5829 ।

হবিবোৰ ৰহমান আৰু জনাব খান নামৰ দুই সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে।ধৃত সৰবৰাহকাৰী দুটাৰ ঘৰ মণিপুৰৰ থাওবাল জিলা বুলি জানিব পৰা গৈছে।ইপিনে উদ্ধাৰ হোৱা চিম্পাঞ্জীকেইটা মাঞ্জা বন বিভাগৰ হাতত গতাই দিছে আৰক্ষীয়ে।

Related Articles