৫ নৱেম্বৰত অসম মহিলা অভিযন্তা সন্থাৰ প্ৰতিষ্ঠা দিৱস

ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমেহতীয়া সংগঠন অসম মহিলা অভিযন্তা সন্থা“ৰ ( Women Engineers Forum of Assam ) পঞ্চদশ প্ৰতিষ্ঠা দিৱস অহা ৫ নৱেম্বৰত কটন বিশ্ববিদ্যালয়ৰ এলামনাই ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব।

অসম মহিলা অভিযন্তা সন্থাৰ সভানেত্ৰী ডঃ বিভা দাস শইকীয়া আৰু সম্পাদিকা অন্তৰা বৰুৱাই এটা বিবৃতিত জানিবলৈ দিয়া মতে সিদিনা বিয়লি ৪ বজাত প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ’বলগীয়া সভাত মুখ্য অতিথি হিচাপে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত মূৰব্বী অধ্যাপক ডঃ অদিতি বেজবৰুৱা আৰু সন্মানীয় অতিথি হিচাপে অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত বিশেষ সঞ্চালক প্ৰধান পল্লব ভট্টাচাৰ্য উপস্থিত থাকিব।

সন্থাৰ সভানেত্ৰী আৰু সম্পাদিকাই এটা বিবৃতিত সিদিনা প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত সন্থাৰ সকলো সদস্যাৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে ।

Related Articles