Breaking

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫সংখ্যক আৱিৰ্ভাব মহোৎসৱ: ওদালগুৰিত ভাগৱত লৈ শোভাযাত্ৰা; একেলগে উৰিল ৭৫খন পতাকা

0 98

বৃহস্পতিবাৰে ওদালগুৰিত হৰিনামেৰে মুখৰিত হয় ৰাজপথ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ৫৭৫ সংখ্যক আৱিৰ্ভাব মহোৎসৱটি মহাৰজত জয়ন্তী হিচাপে পালন কৰা উপলক্ষে ভাগৱত লৈ নগৰ পৰিভ্ৰমন কৰা হয়। প্ৰতিকূল বতৰকো নেওচি গুৰুজনাৰ ভক্তপ্ৰাণ বাপ-বান্ধৱ,আই-মাতৃ,যুৱক-যুৱতী সকলে স্বত:স্ফূৰ্টভাবে ওলাই আহি হৰিধ্বনিৰে মুখৰিত কৰি তোলে ওদালগুৰিৰ ৰাজপথ।


জগত গুৰু শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৫ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱটি এই বেলি ওদালগুৰিত মহাৰজত জয়ন্তী হিচাপে পালন কৰা হৈছে। স্থানীয় শংকৰদেৱ মিচন মাধ্যমিক বিদ্যালয় প্ৰাংগনত বৃহস্পতিবাৰৰ পৰা আয়োজিত আৱিৰ্ভাৱ মহোৎসৱৰ প্ৰথম দিনা ভাগৱত লৈ নগৰ পৰিভ্ৰমন কৰা হয়।

চহৰৰ মাজেৰে উলিওৱা ভাগৱত লৈ পৰিভ্ৰমন তথা শোভাযাত্ৰাত হৰিনামেৰে মুখৰিত হৈ পৰে ৰাজপথ। ওদালগুৰি শ্ৰীমন্ত শঙ্কৰদেৱ সত্ৰত সামৰণি পৰা ভাগৱত যাত্ৰাত সহস্ৰাধিক ধৰ্মপ্ৰাণ ৰাইজে অংশ গ্ৰহণ কৰে।

ভাগৱতলৈ শোভাযাত্ৰা কৰাৰ পূৰ্বে মহাৰজত জয়ন্তী উপলক্ষে ওদালগুৰিৰ বিশিষ্ট নাগৰিক,জন্মোৎসৱৰ প্ৰাক্তন সভাপতি, কাৰ্যকৰী সভাপতি, সাধাৰণ সম্পাদক আৰু সাংস্কৃতিক সম্পাদক সহ ৭৫ গৰাকীয়ে মহাৰজত জয়ন্তীৰ পতাকা একেলগে উত্তোলন কৰে।

Leave A Reply

Your email address will not be published.