ওদালগুৰি জিলাৰ NHM ওদালগুৰিৰ উদ্যোগত Ear Screening camp Along with RBSK,MHT under NPPCD Programme অধীনত যোৱা ৬ ডিচেম্বৰৰ পৰা ১০ ডিচেম্বৰলৈ বধিৰতা পৰীক্ষা শিবিৰ আয়োজন কৰা হৈছে ৷সেই মৰ্মে আজি ৯ ডিচেম্বৰত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ওৰাং চাহ বাগিছা বিদ্যালয়ত ৫৮ ছাত্ৰছাত্ৰী সকলক শ্ৰবণ জনিত ৰোগৰ পৰীক্ষা শিবিৰটো অনুষ্ঠিত হৈ যায় ৷এই শিবিৰটোত ডাঃ সৌৰভ কুমাৰ বৰ্মন,ডাঃ দীপাঞ্জলী বৰা,ফাৰ্মাচীচ তৈইবুৰ ৰহমান,বিচিএম জুমীশ্ৰী শৰ্মাছাত্ৰছাত্ৰী সকলক শ্ৰবণ জনিত ৰোগ সমুহৰ পৰীক্ষা কৰে ৷আজিৰ এই অনুষ্ঠানটোত বিদ্যালয়ৰ প্ৰধান শিক্ষক শচীন্দ্ৰ মহানন্দ,সহঃ শিক্ষক পদুৰাম তাতী ,সহায়িকা জানকী তাতী আদি উপস্থিত থাকি সক্ৰিয় সহায় সহযোগিতা কৰে ৷