৬২ সংখ্যক দগীয়াপাৰা ভোগালী বিহু আৰু হীৰক জয়ন্তী সমাৰোহ উদযাপন

১৯৬০ চনৰ পৰা নিৰৱচ্ছিন্নভাৱে দগীয়াপাৰা ভোগালী বিহু উৎসৱ উদযাপন কৰি আহিছে। ২০১০ চনত সোণালী জয়ন্তী গৰকা গাঁওবাসীৰ প্ৰাণৰ অনুষ্ঠানটিয়ে ক্ৰীড়া, সাহিত্য, সাংস্কৃতিক দিশত নৱপ্ৰজন্মৰ উত্তৰণ ঘটোৱাত এক বিশেষ ভূমিকা পালন কৰি আহিছে। এইবেলি হলিৰাম চহৰীয়া ক্ষেত্ৰত ৬২ সংখ্যক দগীয়াপাৰা ভোগালী বিহু উৎসৱৰ লগতে হীৰক জয়ন্তী সমাৰোহৰ সামৰণি অনুষ্ঠান জাক জমকতাৰে ৩ দিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে পালন কৰে। ১৪ জানুৱাৰী ২০২২ তাৰিখে ৰাতিপুৱা ৫ বজাত প্ৰভাত ফেৰীৰে লগতে মেজি দাহন আৰু নাম প্ৰসঙ্গৰ পিছতেই উদযাপন সমিতিৰ সভাপতি গজেন ডেকা ডাঙৰীয়াই বিহুপতাকা উত্তোলন কৰে আৰু কৰ্ণধাৰ সমিতিৰ সভাপতি অৱসৰী শিক্ষক কৰুণা কান্ত কলিতা ডাঙৰীয়াই হীৰক জয়ন্তী সমাৰোহৰ পতাকা উত্তোলন কৰে আৰু হীৰক জয়ন্তী সমাৰোহৰ লগত সংগতি ৰাখি ৬০ খন পতাকা উত্তোলন কৰা হয়। সমাজৰ পৰা স্বৰ্গগামী হোৱা লোক সকলক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে স্মৃতি তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে অবসৰী প্ৰধান শিক্ষক কনক চন্দ্ৰ কলিতা দেৱে, প্ৰতিবছৰে প্ৰকাশ কৰি অহা প্ৰাচিৰ প্ৰত্ৰিকা উন্মোচন কৰে দুনী নিবাসী শিক্ষক কৰুণা কান্ত শৰ্মাদেৱে। খেল বিভাগৰ সভাপতি হেমন্ত কলিতা আৰু সম্পাদক দ্বীপেন ডেকা আৰু অপুৰ্ব কলিতাৰ নেতৃত্বত পৰিচালনা কৰা বিভিন্ন খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ পুৰ্বে বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা দেৱে অলিম্পিক শিখা প্ৰজ্বলন কৰি দিয়া ভাষণত সমাজ সংগঠিত কৰাৰ বাবে আঞ্চলিক ৰাইজৰ সহায় সহযোগিতা কামনা কৰে। দগীয়াপাৰা ভোগালী বিহু উৎসৱ উদযাপন সমিতিয়ে আজি কেইবা বছৰ ধৰি পশ্চিম দৰংৰ এগৰাকী বিশিষ্ট ব্যক্তিৰ ঘৰলৈ গৈ সম্বৰ্ধনা জনোৱা কাৰ্যসূচী অব্যাহত ৰাখি এইবেলি শিক্ষা সাহিত্যৰ লগতে সাংস্কৃতিক দিশত জৰিত ব্যক্তি ঐতিয্যমণ্ডিত খটৰা সত্ৰৰ সভাপতি যাদৱ চন্দ্ৰ মহন্ত বাপজনাৰ ঘৰলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰে।

সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কাৰ্যসূচীৰ মুখ্য প্ৰজ্জ্বলাক হিচাপে কাৰ্যসূচী ৰূপায়ণ কৰে অৱসৰী প্ৰধান শিক্ষক ভাবিৰাম ডেকা ডাঙৰীয়াই। ১৫ জানুৱাৰীৰ ৰাতিপুৱা ৫ বজাত জৱাহৰ নৱোদয় বিদ্যালয়ৰ উপাধ্যক্ষ পুষ্পৰাম কলিতাই ফ্লেগ অফ কৰা আকৰ্ষণীয় মাৰাথন দৌৰ প্ৰতিযোগিতাত অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। সেই দিনটোতে সাহিত্য বিভাগৰ সভাপতি বৰুণ চন্দ্ৰ কলিতাৰ নেতৃত্বত আৰু সম্পাদক অবিনাশ ডেকাৰ সুপৰিকল্পনাত বিভিন্ন সাহিত্য প্ৰতিযোগিতাৰ লগতে অন্যতম আকৰ্ষণীয় ভেশছন প্ৰতিযোগিতাৰ পিছতে বিভিন্ন গীত মাত প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু চৰকাৰে বান্ধি দিয়া কভিড এছ অ পি অনুসৰণ কৰি সন্ধিয়া ৭ বজাৰ পৰা স্বৰ্গীয় ফটিক চন্দ্ৰ কলিতা সোৱৰণী মঞ্চত সাংস্কৃতিক কাৰ্যসূচী ৰূপায়িত কৰা হয়। অন্তিম দিনত ৰাতিপুৱা ১১ বজাত সাংস্কৃতিক বিভাগৰ সভাপতি অৰূপ কলিতাৰ নেতৃত্বত আৰু যুটীয়া সম্পাদক মহেন্দ্ৰ কলিতা আৰু ধ্ৰুৱজ্যোতি মহন্তৰ একান্ত প্ৰচেষ্টাত বাৰে ৰহণীয়া সাংস্কৃতিক গোষ্ঠীৰ উপস্থিতিত যুৱ সমাজকৰ্মী ৰাণা বশিষ্ঠ ডাঙৰীয়াই উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্ৰা ৰূপায়ণ কৰা হয়। আপ্যায়ন সমিতিৰ অশেষ প্ৰচেষ্টাৰ ফলত শোভাযাত্ৰা সামৰণিৰ পিছত আঞ্চলিক ৰাইজে সমূহীয়া ভোজনৰ গ্ৰহণ কৰে।

দুপৰীয়া ২ বজাত স্বৰ্গীয় অসাৰ চন্দ্ৰ ডেকা আৰু স্বৰ্গীয়া খন্তিবালা ডেকা সোৱৰণী মঞ্চত কৰ্ণধাৰ সমিতিৰ সভাপতি কৰুণা কান্ত কলিতাৰ সভাপতিত্বত মুকলি ও বটা বিটৰণী সভা অনুষ্ঠিত হয়। মুকলি সভা উদ্বোধন কৰে লোকভাষা প্ৰচাৰ সমিতিৰ মহা সচিব কুশল কলিতাই, জয়ন্ত কলিতাৰ সভাপতিত্ব আৰু মনোজ কুমাৰ চহৰীয়া আৰু দিলীপ ডেকাৰ সম্পাদনাত প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ “মেজি” উন্মোচন কৰে ছিপাঝাৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিনন্দ কুমাৰ শইকীয়া দেৱে, মংগলদৈ লোকসভা সমষ্টিৰ সাংসদ সন্মানীয় দিলীপ শইকীয়া দেৱে মুখ্য অতিথিৰ হিচাপে সভা শুৱনি কৰি আঞ্চলিক ৰাইজক কৃতাৰ্থ কৰে আৰু শুভেচ্ছামূলক ভাষণ প্ৰদান কৰে, স্থানীয় বিধায়ক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশী দেৱে বিশিষ্ট অতিথি হিচাপে সভাত ভাষণ প্ৰদান কৰে। সভাত নিৰ্দিষ্ট বক্তা হিচাবে ভাষণ ৰাখে যুৱ সমালোচক ড০ জয়ন্ত ডেকা দেৱে, সভাত দৰং জিলা পৰিষদৰ মুখ্য কাৰ্যাবাহী বিষয়া ৰমেণ মালাকাৰ দেৱ উপস্থিত থাকি সভাৰ শোভা বৰ্ধন কৰে। মীন উন্নয়ন নিগম অসমৰ অধ্যক্ষ গুৰুজ্যোতি দাস ডাঙৰীয়া সভাৰ পুৰ্বে উপস্থিত হৈ আঞ্চলিক ৰাইজক উদ্দেশ্যি বক্তব্য ৰাখে।

এই তিনিদিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে অনুষ্ঠানভাগি সফল ৰূপায়ণ কৰাত আঞ্চলিক ৰাইজে যিধৰণে বিভিন্ন দিহা পৰামৰ্শৰ লগতে আৰ্থিক ভাবে সহায়ৰ হাত আগবঢ়ালে আৰু স্থানীয় প্ৰশাসনৰ একান্ত সহযোগৰ বাবে উদযাপন সমিতিৰ হৈ যুটীয়া সাধাৰণ সম্পাদক জগদীশ ডেকা আৰু জীৱন বৰুৱাই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

Related Articles