Breaking

নগাঁও সদৰ সমষ্টিত একেদিনাই ৬৬ টা উন্নয়ণ মূলক কামৰ শুভ উদ্ধোধন বিধায়ক ৰূপক শৰ্মাৰ

0 2,057

নগাঁও সদৰ সমষ্টিত উন্নয়নৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজি সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই নতুনকৈ নিৰ্মাণ কৰা আৰু নিৰ্মাণ কাৰ্য আৰম্ভ কৰাকে ধৰি মুঠ ৬৬ টা উন্নয়ণ মূলক কামৰ শুভ উদ্বোধন কৰে। সদৰ সমষ্টিৰ অন্তৰ্গত কেন্দুগুৰি গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা ২৪ টাকৈ বিভিন্ন উন্নয়ন মূলক আঁচনিৰ আজি‌ শুভ উদ্ধোধন কৰে বিধায়ক শৰ্মাই ।

আনহাতে কেন্দুগুৰি গাওঁ পঞ্চায়তত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি  বিধায়ক শৰ্মাই কয় : বিজেপিৰ মিত্ৰ জোঁটৰ চৰকাৰখনে চহৰাঞ্চলৰ সমানে গ্ৰামাঞ্চলৰ উন্নয়ণৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰি আহিছে। বিশেষকৈ অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাত নগাঁও সদৰ সমষ্টিত দ্ৰুত গতিত উন্নয়ণ মূলক কাম কাজ সম্ভৱ হৈ উঠিছে ।

বৰ্তমানেও সমষ্টিটোৰ প্ৰায় সকলো স্হানত  উন্নয়ন মূলক কাম কাজ ৰূপায়ণ হৈ আহিছে । ইয়াৰ দ্ধাৰা সমষ্টিবাসী নিশ্চয়কৈ উপকৃত হব। ৰাইজৰ আশীৰ্বাদ লৈ পৰৱৰ্তী সময়তো আমি এই উন্নয়নৰ ধাৰা অটুত ৰাখিম। ইপিনে আজি বিধায়ক গৰাকীয়ে সমষ্টিটোৰ খাগৰিজান উন্নয়ন খন্ডৰ অন্তৰ্গত বিভিন্ন স্হানত পাঁচটাকৈ উন্নয়ন মূলক কামৰ শুভাৰম্ভ কৰে।

আঞ্চলিক পঞ্চায়তৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মাণ হবলগীয়া আজি কামৰ শুভাৰম্ভ কৰা উন্নয়ন মূলক  কাম সমূহ হৈছে ক্ৰমে কেন্দুগুৰি  এম ই মাদ্ৰাছাৰ চাৰিসীমা বেৰৰ পুনৰ নিৰ্মাণ,ডিমৌ বাইপাছৰ নলা পুনৰ নিৰ্মাণ,কহুৱাআটি কলা কৃষ্টি কেন্দ্ৰৰ ৰাজহুৱা ভৱন ,বৰগাঁও সাহিত্য মঞ্চ আৰু সাংস্কৃতিক কেন্দ্ৰৰ পুনৰ নিৰ্মাণ,১ নং শেনছোৱা ব্লক প্ৰাথমিক বিদ্যালয়ৰ মুকলি সাংস্কৃতিক মঞ্চৰ আধাৰশিলা।ইয়াৰ লগতে বিধায়ক গৰাকীয়ে মহাবীৰ লাচিত চিলাৰায় সেতু নিৰ্মাণ অভিযানৰ গ্ৰাম্য আন্তঃগাথনি উন্নয়ন পূঁজিৰ জৰিয়তে  নগাঁও সদৰ সমষ্টিৰ বিভিন্ন অঞ্চলত তিনিখনকৈ নবনিৰ্মিত দলঙৰ শুভ উদ্ধোধন কৰে  ।

আজি  উদ্ধোধন কৰা দলং তিনিখন হৈছে ক্ৰমে নগাঁও ধিং পথৰ পৰা উত্তৰ শিমলুগুৰি পথৰ দলং,সোনাই চাইদৰীয়া পথৰ দলং আৰু নগাঁও -জুৰীয়া বালিকটীয়া পথৰ পৰা আমতলা হেৰাপট্টি পথৰ দলং।আনহাতে নগাঁও চহৰৰ অগ্ৰণী শিক্ষানুষ্ঠান  নগাঁও কিৰণৱালা গোস্বামী বালিকা বিদ্যালয়ত আজি এটি বিজ্ঞান কক্ষ আৰু কম্পিউটাৰ কক্ষ ছাত্ৰী সকলৰ বাবে মুকলি কৰে বিধায়ক শৰ্মাই । কক্ষ দুটা মুকলি কৰি বিধায়ক শৰ্মাই ইয়াৰ দ্ধাৰা বিদ্যালয়খনৰ ছাত্ৰী সকলে শৈক্ষিক ক্ষেত্রত সন্মুখীন হৈ অহা অভাৱ দূৰ হব বুলি আশা প্ৰকাশ কৰে ।লগতে বিদ্যালয় খনৰ সন্মুখত ৰাজ্যৰ স্ব -শিতানৰ অগ্ৰাধিকাৰ দাবী আঁচনিৰ জৰিয়তে নতুনকৈ নিৰ্মাণ হবলগীয়া এটি উপপথৰ কামৰো আজি শুভাৰম্ভ কৰে।ইয়াৰোপৰি বিধায়ক গৰাকীয়ে আজি ডাকৰঘাট গাঁও পঞ্চায়তত চুৰ্তুদশ বিত্তীয় আয়োগৰ অধীনত ১০ টা  নবনিৰ্মিত বিভিন্ন উন্নয়ন মূলক কামৰ শুভ উদ্ধোধন কৰাৰ লগতে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তিৱা স্বায়ত্ব শাসিত পৰিষদ এলেকাত ২২ টাকৈ  বিভিন্ন উন্নয়ন মূলক কামৰো শুভাৰম্ভ কৰে।

Leave A Reply

Your email address will not be published.