হাস্যৰসাত্মক চৰিত্ৰত অভিনয়েৰে ভাৰতীয় চলচ্চিত্ৰ প্ৰেমী দৰ্শকৰ মাজত বিশেষ জনপ্ৰিয়তা অৰ্জন কৰা বলীউডৰ তাৰকা অভিনেতা ৰাজপাল যাদৱ সন্মুখীন হৈছে এক বিপদৰ। উত্তৰ প্ৰদেশত এখন নতুন চিনেমাৰ শ্বুটিং কৰি থকা অৱস্থাত স্কুটাৰেৰে এগৰাকী ছাত্ৰক খুন্দা মৰাৰ অভিযোগ উত্থাপন হৈছে অভিনেতাগৰাকীৰ বিৰুদ্ধে।

প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা বালাজী নামৰ এগৰাকী ছাত্ৰই ৰাজপাল যাদৱৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে। বালাজীৰ ভাষ্য মতে তেওঁ বেংক ৰোডৰ ইউনিভাৰ্চিটিত কিতাপ ক্ৰয় কৰি থকাৰ সময়তে অঞ্চলটোত চিনেমাৰ শ্বুটিং চলি থকা বুলি জানিব পাৰে।

শ্বুটিং চোৱাৰ হাবিয়াসেৰে ছাত্ৰগৰাকী শ্বুটিংস্থলীত উপস্থিত হোৱাৰ পাছতে ৰাজপাল যাদৱে শ্বুটিঙৰ বাবে চলাই থকা স্কুটাৰখনেৰে তেওঁক খুন্দা মাৰে বুলি বালাজীয়ে অভিযোগ কৰিছে।

বালাজীৰ অভিযোগ মতে, অভিনেতাগৰাকীয়ে স্কুটাৰখন চলাই থাকোঁতে নিয়ন্ত্ৰণ ৰক্ষা কৰিব পৰা নাছিল আৰু নিয়ন্ত্ৰণ হেৰুৱাই শেষত বাহনখনেৰে তেওঁক খুন্দা মাৰে। লগতে শ্বুটিঙৰ সময়ত উপস্থিত থকা কৰ্মচাৰীসকলে তেওঁৰ সৈতে কাজিয়া কৰাৰ লগতে অপদস্থ কৰাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰগৰাকীয়ে।

বালাজীয়ে লগতে ছবিৰ শ্বুটিঙৰ সময়ত উপস্থিত থকা সদস্যসকলে আনকি তেওঁক হত্যা কৰাৰ ভাবুকিও দিছিল বুলি অভিযোগ কৰিছে। ইফালে শ্বুটিঙৰ একাংশ লোকে ছাত্ৰগৰাকীৰ বিৰুদ্ধেহে তুলিছে শ্বুটিঙত বাধা দিয়াৰ অভিযোগ। শ্বুটিঙত বাধা দিয়াৰ বাবে ইতিমধ্যে ছাত্ৰগৰাকীৰ বিৰুদ্ধে এজাহাৰো দাখিল কৰা হৈছে।

প্ৰকাশিত খবৰ অনুসৰি অভিনেতা ৰাজপাল যাদৱে নিজেই এই এজাহাৰ দাখিল কৰিছে। ছাত্ৰগৰাকীয়ে নিজৰ মোবাইলৰ কেমেৰাত শ্বুটিঙৰ দৃশ্য বন্দী কৰাত কৰ্মচাৰীসকলে তেওঁক বাধা দিয়ে। কিন্তু কেমেৰা বন্ধ কৰাৰ বিপৰীতে তেওঁ কৰ্মচাৰীসকলৰ সৈতেহে বিবাদত লিপ্ত হয় বুলি অভিযোগ কৰা হৈছে।

স্থানীয় কৰ্ণেলগঞ্জ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰামমোহন ৰায়ে এই সন্দৰ্ভত কয় যে, দুয়োপক্ষই এজাহাৰত আত্মপক্ষ সমৰ্থনত পৰস্পৰৰ বিপক্ষে অভিযোগ উত্থাপন কৰিছে। গতিকে বিশদ তদন্তৰ অন্ততহে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা হ’ব বুলি তেওঁ লগতে কয়।

Related Articles