‘স্ৰোতস্বিনী’ৰ উদ্যোগত আৰু ‘কন্ঠসূৰ্য জিতেন ডেকা অনুৰাগী সমাজৰ’ সহযোগত যোৱা ২৮ অক্টোবৰত স্বহীদ ন্যাস ভৱনত জিতেন ডেকাদেৱৰ ষষ্ঠ মৃত্যু বাৰ্ষিকী উপলক্ষে দিনৰ ১১ বজাত গীতেৰে- কথাৰে শিল্পীজনাৰ কৰ্মৰাজীৰ স্মৃতিচাৰণেৰে এটি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। অনুষ্ঠানটিৰ আৰম্ভণিতে শিল্পীজনাৰ সুযোগ্যা পত্নী লেখা ডেকা আৰু শিল্পীজনাৰ অনুৰাগী সকলে কন্ঠসূৰ্য জিতেন ডেকাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পনেৰে আন্তৰিক শ্ৰদ্ধা নিবেদন কৰে। কন্ঠশিল্পী ধৃতিশ্ৰী দেৱীয়ে পৰিবেশন কৰা মহাপুৰুষ শ্ৰী শ্ৰী শ্ৰীমাধৱদেৱ গুৰুজনাৰ বিৰচিত এটি বৰগীতেৰে স্মৃতিচাৰণ অনুষ্ঠানটি আৰম্ভ কৰা হয়। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি যথাক্ৰমে – শ্ৰদ্ধাৰ জ্যোতি প্ৰকাশ দাস, অৱনীৰঞ্জন পাঠক, বিপুল দেউৰী, জনাৰ্দন হাজোৱাৰীদেৱে শিল্পীজনাৰ কৰ্মৰাজীৰ স্মৃতিচাৰণেৰে শিল্পীজনালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই অনুষ্ঠানতেই জিতেন ডেকা সোঁৱৰণী মঞ্চৰ প্ৰতিষ্ঠাপক সভাপতি বিশিষ্ট সংগীত পৰিচালক, সুৰকাৰ, কন্ঠশিল্পী প্ৰয়াত কুল বৰুৱাদেৱলৈ মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জনোৱা হয়। উল্লেখ্য যে, জিতেন ডেকাদেৱৰ মৃত্যু দিৱস যোৱা ২৬ অক্টোবৰত তেখেতৰ গীতসমূহকলৈ সদৌ অসম ভিত্তিত online যোগে আয়োজন কৰা গীতৰ প্ৰতিযোগিতাত স্থান প্ৰাপ্ত সকলক এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানতে বঁটা প্ৰদান কৰি সন্মানিত কৰা হয়। প্ৰতিযোগিতা খনিৰ বিচাৰকৰ আসন শুৱনি কৰিছিল ক্ৰমে – অৱনীৰঞ্জন পাঠক, জনাৰ্দন হাজোৱাৰী আৰু হৰগোবিন্দ ডেকাই । এই অনুষ্ঠানতেই জিতেন ডেকাদেৱৰ কনিষ্ঠ পুত্ৰ সুদৰ্শন নিবিড় ডেকাৰ কন্ঠত জিতেন ডেকা ৰচিত আৰু সুৰাৰোপিত এটি গীতৰো (Video song) শুভ উন্মোচন কৰা হয় । জিতেন ডেকাদেৱৰ সান্নিধ্য লাভ কৰা বহুকেইগৰাকী বিশিষ্ট ব্যক্তি যথাক্ৰমে – অসীমজ্যোতি বৰুৱা, সৌৰভ দাস, নিখিলেশ বৰুৱা , দ্বিজেন কাকতি আৰু মৃত্যুঞ্জয় চৌধুৰীয়ে ব্যক্ত কৰে যে জিতেন ডেকা গীতিকাৰ আৰু কন্ঠশিল্পীয়ে নাছিল তেওঁ আছিল প্ৰকৃতি , মাটি আৰু মানুহৰ সম্পৰ্কৰ লগতে দেশ আৰু জাতিক সমন্বয়ৰ এনাজৰীৰে বান্ধিব খোজা এগৰাকী আজন্ম শিল্পী। সমূহ কাৰ্যসূচীৰ আঁতধৰে ডঃ অনামিকা ডেকাই।