Shooters of Lawrence Bishnoi gang arrested: লৰেন্স বিষ্ণৈ গেঙৰ ৭ জন শ্বুটাৰক গ্ৰেপ্তাৰ, ৰাজস্থানৰ এজন ব্যক্তিক হত্যাৰ বাবে কৰিছিল পৰিকল্পনা

নতুন দিল্লী, ২৫ অক্টোবৰ: পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থানকে ধৰি দেশৰ বহুকেইখন ৰাজ্যত লৰেন্স বিষ্ণৈ গেঙৰ বিৰুদ্ধে তীব্ৰ আভিযান আৰম্ভ কৰিছে দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে। বিষ্ণৈ গেঙৰ বিৰুদ্ধে স্পেচিয়েল চেলটোৱে চলোৱা ‘পান ইণ্ডিয়া’ অভিযানৰ সময়ত গেংটোৰ ৭জন শ্বুটাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে(7 shooters of Lawrence Bishnoi gang arrested)। লগতে গ্ৰেপ্তাৰ কৰা পৰা শ্বুটাৰকেইজনৰ পৰা জব্দ কৰিছে বহু পৰিমানৰ অস্ত্ৰ-শস্ত্ৰও।

দিল্লী আৰক্ষীৰ তথ্য অনুসৰি, ৰাজস্থানত এজন ব্যক্তিক হত্যাৰ পৰিকল্পনা কৰা ৭জন সন্দেহযুক্ত শ্বুটাৰক দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলে(Delhi Police Special Cell ) গ্ৰেপ্তাৰ কৰিছে। যোৱা ১২ অক্টোবৰত মুম্বাইত এন চি পিৰ নেতা তথা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড(Baba Siddiqui murder case)ৰ কেইদিনমান পিছতে আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি গ্ৰেপ্তাৰ কৰিলে এই সাতজনক । উল্লেখ্য যে, বাবা ছিদ্দিকীৰ হত্যাকাণ্ডৰ দায়িত্ব স্বীকাৰ কৰিছিল বিষ্ণৈ গেঙে ।

দিল্লী আৰক্ষীয়ে জনোৱা মতে, পঞ্জাৱ, ৰাজস্থানকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ পৰা দিল্লী আৰক্ষীৰ স্পেচিয়েল চেলৰ দ্বাৰা ৭জনক গ্ৰেপ্তাৰ কৰা হৈছে। ধৃত লোককেইজনৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গুলীও জব্দ কৰা হৈছে। দিল্লী আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, কাৰাবন্দী গেংষ্টাৰ লৰেন্স বিষ্ণৈৰ ঘনিষ্ঠ আৰ্জু বিষ্ণৈৰ নিৰ্দেশ অনুসৰি তেওঁলোকে ৰাজস্থানত কাৰোবাক হত্যাৰ লক্ষ্য কৰি লোৱাৰ পৰিকল্পনা কৰিছিল বুলি সন্দেহ কৰা হৈছে। তথ্য অনুসৰি আৰ্জু বিষ্ণৈ লৰেন্স গেঙৰ সৈতে জড়িত যদিও গেংটোৰ পৰিচালনা কৰি আহিছে আনমোল বিষ্ণৈয়ে।

১২ অক্টোবৰত মুম্বাইৰ বান্দ্ৰাত সংঘটিত হোৱা মহাৰাষ্ট্ৰৰ প্ৰাক্তন মন্ত্ৰী বাবা ছিদ্দিকিৰ হত্যাকাণ্ডৰ আঁৰত আনমোল বিষ্ণৈ জড়িত থকা বুলি ধাৰণা কৰা হৈছে। শেহতীয়াকৈ মুম্বাইৰ এখন আদালতে ছলমান খানৰ ঘৰৰ বাহিৰত কৰা গুলীচালনাৰ ঘটনাত জড়িত দুজন অভিযুক্তৰ এজনক জামিন দিবলৈ অস্বীকাৰ কৰিছিল। আদালতে কৈছিল যে, তেওঁ আনমোল বিষ্ণৈৰ নিৰ্দেশত ছলমান খানক হত্যা কৰাৰ উদ্দেশ্য বা জ্ঞানেৰে এই কাৰ্য সংঘটিত কৰিছিল।

ইফালে লৰেন্স গেঙৰ ওপৰতো এন আই এৰ দৃষ্টি অধিক কঠোৰ কৰিছে। লৰেন্সৰ ভাতৃ আনমোল বিষ্ণৈৰ ওপৰত ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা NIA-এ। এই পুৰস্কাৰ ঘোষণাৰ পিছতে এতিয়া লৰেন্সৰ ভায়েক আনমোলৰ অসুবিধা আৰু অধিক বাঢ়িল। সিদ্ধু মুছৱালা হত্যাকাণ্ডৰ গোচৰতো আনমোলৰ নাম সংযুক্ত হৈছিল। ইফালে বৰ্তমানলৈকে গ্ৰেপ্তাৰ হোৱা আটাইকেইজন অভিযুক্তই পূৰ্বেও হত্যা আৰু ধন দাবীৰ দৰে কেইবাটাও অপৰাধমূলক ঘটনা সংঘটিত কৰা বুলি আৰক্ষীয়ে দাবী কৰিছে।

লগতে পঢ়ক: https://www.dainandinbartagroup.in/salman-khan-gets-death-threat-5-crore-extortion-message/Salman Khan gets death threat: বিষ্ণৈৰ সৈতে শত্ৰুতা শেষ কৰিবৰ বাবে ৫ কোটি টকা দাবী

Related Articles