70th National Film Awards: দাদা চাহেব ফাল্কে বঁটা গ্ৰহণ কৰি আবেগিক হৈ পৰা মিঠুন চক্রৱর্তীয়ে কলে – মই যদি পাৰিছো, তোমালোকেও অৱশ্যেই পাৰিবা”

নতুন দিল্লী, ৮ অক্টোবৰ: ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম কিংবদন্তি অভিনেতা মিঠুন চক্রৱৰ্তীক মঙলবাৰে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দাদা চাহেব ফাল্কে বঁটা(Dadasaheb Phalke Award) প্ৰদান কৰা হয়। এই বঁটাক ভাৰতীয় চলচ্চিত্ৰ জগতৰ আটাইতকৈ সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হয়(Indian cinema)। ৭০ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিতৰণ অনুষ্ঠানত(70th National Film Awards) ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা এই সন্মান গ্ৰহণ কৰি অভিনেতাগৰাকী আবেগিক হৈ পৰে।

উল্লেখযোগ্য যে, চলতি বছৰৰ আৰম্ভণিতে মিঠুন চক্রৱৰ্তীক পদ্মবিভূষণ সন্মানেও ভূষিত কৰা হৈছিল। ৫০ বছৰীয়া অভিনয় যাত্ৰাত এই সন্মান পোৱাৰ অনুভৱ ব্যক্ত কৰি বিশিষ্ট অভিনেতাগৰাকীয়ে ক’লে, “মই যদি পাৰোঁ, তোমালোকেও অৱশ্যেই পাৰিবা।” অফ-হোৱাইট পাঞ্জাৱী আৰু বগা ৰঙৰ ধুতি পৰিধান কৰি অনুষ্ঠানত উপস্থিত থকা মিঠুন চক্রৱৰ্তীয়ে গ্ৰহণ কৰিলে এই সন্মান ।

অলপতে আঘাত পোৱা শিল্পীগৰাকীৰ হাতত থকা প্লাষ্টাৰৰ বাবে তেওঁ মঞ্চত উঠাৰ সময়ত সহায় ল’ব লগা হয়। বঁটা গ্ৰহণৰ পূৰ্বে ৰেড কাৰ্পেটত সাংবাদিকৰে হোৱা বাৰ্তালাপত শিল্পীগৰাকীয়ে কলে, “মই এতিয়াও এই খবৰটোক বিশ্বাস কৰিব পৰা নাই। এই সন্মানটো যেন ঈশ্বৰৰ পৰা অহা এটা অনন্য উপহাৰ”।

মিঠুন চক্রৱৰ্তীৰ অভিনয় কেৰিয়াৰে অতিক্ৰম কৰিছে পাঁচটা দশক । এই সন্মান গ্ৰহণৰ সময়ত অতীত ৰোমন্থন কৰি শিল্পীগৰাকীয়ে আবেগিক হৈ পৰা পৰিলক্ষিত হ’ল। ইফালে দাদা চাহেব ফাল্কে বঁটা গ্ৰহণৰ দিনাই বৰ্ষিয়ান অভিনেতাগৰাকীয়ে অভিনয় কৰা ‘শাস্ত্রী’ নামৰ এখন নতুন ছবিয়ে মুক্তি লাভ কৰিছে। পথিকৃত বসু পৰিচালিত এই ছবিখনত মিঠুন চক্রৱৰ্তীয়ে জ্যোতিষী পৰিমল শাস্ত্রীৰ চৰিত্ৰত অভিনয় কৰিছে।

Related Articles