Breaking

নাজিৰাৰ লিগিৰী পুখুৰীস্থ প্ৰথম অসম আৰক্ষী বাহিনীৰ চাউনীত ৭২ তম আৰক্ষী দিৱস উদযাপন…

0 100

নাজিৰাৰ লিগিৰী পুখুৰীস্থ প্ৰথম অসম আৰক্ষী বাহিনীৰ চাউনীত ৭২ তম আৰক্ষী দিৱস উদযাপন ।ব্ৰিটিছৰ শাসন কালত ১৮২৬ চনতেই অসম অসম আৰক্ষী বাহিনী গঠিত হয় যদিও ১৯৫১ চনৰ ১ অক্টোৱৰত আই পি এছ বিষয়া কে আৰ চৌধুৰীয়ে প্ৰথম ভাৰতীয় বিষয়া হিচাপে ব্ৰিটিছ আৰক্ষী বিষয়া জে এইছ ৰিডৰ পৰা আনুষ্ঠানিক ভাৱে অসম আৰক্ষীৰ মুখ্য বিষয়া হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে ।

সেই দিনটোৰ পৰাই প্ৰতি ইংৰাজী বৰ্ষৰ ১ অক্টোৱৰত অসম আৰক্ষীয়ে ” আৰক্ষী দিৱস ” হিচাপে উদযাপন কৰি আহিছে । আজি সমগ্ৰ অসমৰ লগতে নাজিৰাৰ লিগিৰী পুখুৰীস্থ প্ৰথম অসম আৰক্ষী বাহিনীৰ চাউনীত ৭২ তম ” আৰক্ষী দিৱস ” উদযাপন কৰে । পুৱা বাহিনীৰ অধিনায়ক মুছলেহ উদ্দিন আহমেদে আৰক্ষী জোৱানৰ পেৰেডেৰে অভিবাদন গ্ৰহণ কৰাৰ পিছতে আৰক্ষীৰ সদস্য হিচাপে ভাৰতৰ সংবিধান আৰু আইনৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি জীৱন সম্পত্তিৰ সুৰক্ষা , অপৰাধ চিনাক্ত আৰু প্ৰতিৰোধ কৰাৰ বাবে অংগীকাৰ কৰি জাতি , ধৰ্ম ,বৰ্ণ , ভাষা নিৰ্বিশেষে নিৰপেক্ষ ভাৱে নিষ্ঠাৰে সেৱা আগবঢ়োৰ উদ্দেশ্যআগত ৰাখি শপত গ্ৰহণ কৰাই আৰু বাহিনীৰ বহু কেইজন কৰ্মচাৰীক তেওঁলোকৰ ভাল কামৰ বাবে এখনি মানপত্ৰ দি সম্বৰ্ধনা জনায়।

Leave A Reply

Your email address will not be published.