Breaking

গোসাঁইগাঁৱৰ শিমূলটাপু পি জি আৰ গাঁৱৰ ৭৩ টা ভূমিহীন পৰিয়ালক ভূমি পট্টা প্ৰদান

0 96

গোসাঁইগাঁও ৰাজহ চক্ৰৰ অধীনস্ত শিমূলটাপু পি জি আৰ গাঁৱৰ ৭৩ টা ভূমি হীন পৰিয়ালক সোমবাৰে ভূমি পট্টা প্ৰদান কৰা হয়। বিটিচি চৰকাৰৰ উদ্যোগত পৰিয়াল সমূহক প্ৰদান কৰে ভূমি পট্টা।

উক্ত অনুষ্ঠানত বিটিচিৰ ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, বিধায়ক জিৰন বসুমতাৰী, কাৰ্যবাহী সদস্য ৰেওৰেওৱা নাৰ্জাহাৰী, অখিল বসুমতাৰী সহ অনেকে উপস্থিত আছিল।

সোমবাৰে আনুষ্ঠানিকভাৱে ৭৩ টা পৰিয়ালক ভূমি পট্টা দিয়া হয়।উক্ত পৰিয়াল সমূহে যিয়ে যেনে ধৰণৰ ভূমি অধিগ্ৰহণ কৰি আছে সেই মাটি দিয়া হয় বুলি জানিবলৈ দিয়ে বিটিচিৰ ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে।

Leave A Reply

Your email address will not be published.