Breaking

মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সপ্তম দ্বি–বাৰ্ষিক অধিৱেশন সম্পন্ন

0 2,026

টিহু মহকুমাৰ মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সপ্তম দ্বি–বাৰ্ষিক অধিৱেশনখন বিভিন্ন কাৰ্যসূচীৰে আজি  মাখিবাহা সভাৰ খলাত সম্পন্ন হয়  ।  এই উদ্দেশ্যে পুৱা  মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সভাপতি উপেন্দ্ৰনাথ দত্তই জ্যেষ্ঠ নাগৰিক পৰিষদৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত স্মৃতি তৰ্পণ কৰে মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ প্ৰাক্তন সভাপতি ভূকান্ত মজুমদাৰে । ইয়াৰ পাছতে অনুষ্ঠিত বিষয় বাছনি সভাত আৰুবেলি কাৰ্যকালৰ বাবে  উপেন্দ্ৰনাথ দত্তক সভাপতি  আৰু মোহনচন্দ্ৰ বৈশ্যক সম্পাদক হিচাপে লৈ নতুন সমিতি এখন গঠন কৰা হয় । দুপৰীয়া মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সভাপতি উপেন্দ্ৰ নাথ দত্তৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা আৰু সম্বৰ্দ্ধনা অনুষ্ঠানত নলবাৰী জিলা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সাধাৰণ সম্পাদক প্ৰিয়নাথ বৰ্মনে বিশিষ্ট অতিথি হিচাপে অংশ লয়  । মাখিবাহা জ্যেষ্ঠ নাগৰিক পৰিষদৰ সম্পাদক মোহনচন্দ্ৰ বৈশ্যই আঁতধৰা এই সভাখনতে ‘সময় বালিত এৰি অহা খোজ’ শীৰ্ষক মাখিবাহাৰ জ্যেষ্ঠ নাগৰিক পৰিষদৰ   সদস্যসকলৰ  সংক্ষিপ্ত জীৱনপঞ্জী গ্ৰন্থ এখন উন্মোচন কৰে বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ অৱসৰীয়া অধ্যাপক  ড: সুৰেশচন্দ্ৰ শৰ্মাই । সভাত কেইবাজনো জ্যেষ্ঠ নাগৰিকক সম্বৰ্দ্ধনা জ্ঞাপনো কৰা হয়  । 

Leave A Reply

Your email address will not be published.