নৰ্থ লখিমপুৰ কলেজত সপ্তম সংখ্যক গ্ৰন্থমেলাৰ আৰম্ভণি ।। North Lakhimpur College Book Fair

। North Lakhimpur College Book Fair । ‘মই আজিলৈকে কোনো বিদ্যালয় মহাবিদ্যালয়ত এনেকুৱা সুন্দৰ গ্ৰন্থমেলা দেখা নাই৷ নৰ্থ লখিমপুৰ কলেজৰ গ্ৰন্থমেলাখন দেখি মই বিস্ময়াভিভূত হৈছোঁ আৰু আনন্দিত হৈছোঁ৷’ আজি সপ্তম সংখ্যক নৰ্থ লখিমপুৰ কলেজ গ্ৰন্থমেলা উদ্বোধন কৰি বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিয়ে এইদৰে কয়৷ ভাষণ প্ৰসঙ্গত তেওঁ আৰু কয় যে, নৰ্থ লখিমপুৰ কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে কিতাপৰ প্ৰতি দেখুওৱা আগ্ৰহ বৰ্তমান সময়ত অত্যন্ত আদৰ্শনীয়৷ তেওঁ অসমীয়া কিতাপৰ সাম্প্ৰতিক অৱস্থাৰ বিষয়ে কিছু শংকা ব্যক্ত কৰে৷ তথাপিও নৱ প্ৰজন্মৰ ওপৰত আশা ৰাখি কয় যে বৰ্তমান গ্ৰন্থৰ প্ৰতি বহুতৰে আগ্ৰহ কমিছে যদিও ডিজিটেল মাধ্যমৰ যোগেদি মানুহে কিতাপ এখন বিচাৰি পঢ়াৰ দৃষ্টান্তও আছে ৷

২৫ মাৰ্চলৈ আঠদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানৰ আঁত ধৰে অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাই৷ তেওঁ ভাষণ প্ৰসঙ্গত কয় যে, বিগত প্ৰায় দুটা দশক ধৰি কলেজখনে বৌদ্ধিক পৰিৱেশৰ উত্তৰণৰ হকে যৎপৰোনাস্তি চেষ্টা কৰি আহিছে, তাৰে অংশ হিচাপে যোৱা ছটা বছৰে গ্ৰন্থমেলাখন পাতিবলৈ লোৱা হয়৷ এই গ্ৰন্থমেলাত ব্যৱসায়িক উদ্দেশ্যৰ পৰিৱৰ্তে আছে নৱ প্ৰজন্মক গ্ৰন্থৰ প্ৰতি আগ্ৰহী কৰাৰ চেষ্টাহে ৰখা হৈছে৷ সেয়ে ২০ শতাংশ পৰ্যন্ত ৰেহাই দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ উদ্বোধনী অনুষ্ঠানটো সঞ্চালনা কৰে অধ্যক্ষ ড॰ বিমান চেতিয়াই৷ তেওঁ কলেজৰ গ্ৰন্থমেলা আয়োজনৰ লগত জড়িত উদ্যমী অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীসকলক কৃতজ্ঞতা জ্ঞাপন কৰে৷ লগতে কয় যে, অসম চৰকাৰে ২০২৫ বৰ্ষটো কিতাপৰ বৰ্ষ হিচাপে উদ্‌যাপন কৰিবলৈ আহ্বান জনোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ গ্ৰন্থমেলাখন ৰাজ্যিক ভিত্তিত আয়োজন কৰা হৈছে৷

আজিৰ অনুষ্ঠানতে কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগে এখন গৱেষণা গ্ৰন্থ উন্মোচনৰ ব্যৱস্থা কৰে৷ মুৰব্বী ড॰ কাকতি ভূঞাই আঁত ধৰা এই কাৰ্যসূচীত অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া পদাৰ্থ বিজ্ঞানৰ এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰো ৱেবছাইট মুকলি কৰা হয়৷ ইটানগৰৰ আছামিজ ছছাইটি আৰু নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগৰ মাজত আজি এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়৷ এই সন্দৰ্ভত বক্তৃতা প্ৰদান কৰি আছামিজ ছছাইটিৰ সম্পাদক মুকুল পাঠকে জনায় যে, অসমীয়া ভাষা শিকিব খোজা অনা অসমীয়া মানুহৰ বাবে এটি অসমীয়া ভাষা শিক্ষণৰ পাঠ্যক্ৰম আৰম্ভ কৰিবৰ বাবেই মূলতঃ এই চুক্তি কৰা হৈছে৷ লগতে প্ৰবাসী অসমীয়াসকলৰ সন্তানকো এই পাঠ্যক্ৰমে অসমীয়া ভাষা শিকাত সহায় কৰিব৷ ইয়াৰ প্ৰথমটো কেন্দ্ৰ প্ৰতিষ্ঠা হ’ব ইটানগৰত৷ নৰ্থ লখিমপুৰ কলেজৰ শৈক্ষিক পৰিষদ আৰু পৰীক্ষা নিয়ন্ত্ৰণ বিভাগে পাঠ্যক্ৰমৰ বিধি নিয়ম নিয়ন্ত্ৰণ কৰিব আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰিব৷

সভাতেই দুয়োপক্ষৰ মাজত চুক্তিখন স্বাক্ষৰিত হোৱাত উপস্থিত সুধী সমাজে আনন্দ প্ৰকাশ কৰে৷ অসমীয়া ভাষাৰ ভৱিষ্যৎ সম্পৰ্কে সকলো শংকিত হোৱাৰ সময়তে এনে ফলপ্ৰসু আৰু সুদূৰ প্ৰসাৰী গুৰুত্ব থকা কামৰ আৰম্ভণি যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি মত প্ৰকাশ কৰে৷ গ্ৰন্থমেলাত আজি গ্ৰন্থপ্ৰেমীৰ যথেষ্ট ভিৰ পৰিলক্ষিত হয়৷ মুঠতে বাৰখন বিপণিত প্ৰায় পঁশিছটা প্ৰকাশন প্ৰতিষ্ঠানৰ গ্ৰন্থ পোৱাৰ ব্যৱস্থা কৰা হৈছে৷ নেশ্যনেল বুক ট্ৰাষ্টৰ বৃহৎ গ্ৰন্থ সম্ভাৰেৰে সজাই তোলা শিশু-কিশোৰৰ বিপণিত অধিক পঢ়ুৱৈ দেখা গৈছে৷ গ্ৰন্থমেলাখন যথেষ্ট ব্যতিক্ৰম ৰূপত কলেজৰ ছাত্ৰ-ছাত্ৰীসকলে সজাই তুলিছে৷ কাঠ, বাঁহৰ ব্যৱহাৰেৰে নিৰ্মাণ কৰা বিভিন্ন অংশসমূহে সকলো ব্যক্তিকে আকৰ্ষিত কৰিছে৷ এই গ্ৰন্থমেলা সকলো ব্যক্তিৰ বাবে মুকলি ৰখা হৈছে বুলি উদ্যোক্তাসকলে জনায়৷ আজি সন্ধিয়ালৈ গ্ৰন্থমেলাৰ বাকৰিত কলেজৰ মামণি ৰয়ছম গোস্বামী ছাত্ৰী নিবাসৰ উদ্যোগত এটি সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হয়৷ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি, কলেজৰ অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিয়ে গীত, নৃত্য আদিৰে সমৃদ্ধ সাংস্কৃতিক অনুষ্ঠানটো আৰু অধিক মুখৰিত কৰি তোলে৷

Related Articles