Breaking

7th National Poshan Maah 2024: দেশৰ ৩৫ খন ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫২ খন জিলাত সম্পন্ন ১.৩৭ কোটি কাৰ্যসূচী

33

সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ দেশজোৰা উদযাপনৰ ষষ্ঠটো দিন পৰ্যন্ত ৩৫ খন ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫২ খন জিলাৰ পৰা ১.৩৭ কোটি কাৰ্যকলাপ সম্পন্ন হোৱাৰ তথ্য পোৱা গৈছে। বিহাৰ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, গুজৰাট, অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ এতিয়ালৈকে শীৰ্ষ অৱদান আগবঢ়োৱা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হিচাবে বিবেচিত হৈছে।

নিউজ ডেস্ক, ৭ ছেপ্টেম্বৰঃ ২০২৪ চনৰ ৩১আগষ্টত গুজৰাটৰ গান্ধীনগৰৰ মহাত্মা মন্দিৰত আৰম্ভ হোৱা সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহত ৰক্তহীনতা, শাৰীৰিক বৃদ্ধি নিৰীক্ষণ, পৰিপূৰক খাদ্য প্ৰদান আৰু পোষণ ভি পঢ়াই ভি আদি মূল বিষয়বস্তু সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হৈছে(7th National Poshan Maah 2024)। এই অভিযানে এক পেড় মা কে নাম পদক্ষেপৰ জৰিয়তে পৰিৱেশ বহনক্ষমতাক গুৰুত্ব আৰোপ কৰিছে, য’ত কাৰ্যক্ষম হৈ থকা ১৩.৯৫ লাখ অংগনবাড়ী কেন্দ্ৰত বাগিচা স্থাপনত উৎসাহিত কৰা হৈছে ।

সপ্তম ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ দেশজোৰা উদযাপনৰ ষষ্ঠটো দিন পৰ্যন্ত ৩৫ খন ৰাজ্য/ কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৭৫২ খন জিলাৰ পৰা ১.৩৭ কোটি কাৰ্যকলাপ সম্পন্ন হোৱাৰ তথ্য পোৱা গৈছে। বিহাৰ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, তামিলনাডু, গুজৰাট, অন্ধ্ৰপ্ৰদেশ আৰু উত্তৰ প্ৰদেশ এতিয়ালৈকে শীৰ্ষ অৱদান আগবঢ়োৱা ৰাজ্যসমূহৰ ভিতৰত অন্যতম হিচাবে বিবেচিত হৈছে।

ৰাষ্ট্ৰীয় পোষণ মাহ ২০২৪ৰ থিমৰ ক্ষেত্ৰত ( মূল কেন্দ্ৰবিন্দু হিচাবে গ্ৰহণ কৰা এলেকাসমূহক লৈ) আজিলৈকে ৰক্তহীনতাৰ বিষয়ত ৩৯ লাখতকৈ অধিক কাৰ্য্যকলাপ, শাৰীৰিক বৃদ্ধি নিৰীক্ষণৰ ক্ষেত্ৰত ২৭ লাখতকৈ অধিক কাৰ্য্যকলাপ, পৰিপূৰক খাদ্যৰ বিষয়ত প্ৰায় ২০ লাখ কাৰ্য্যকলাপ, পোষণ ভি পঢ়াই ভিৰ বিষয়ত ১৮.৫ লাখৰো অধিক কাৰ্য্যকলাপ সম্পন্ন কৰা হৈছে ।

তাৰোপৰি ‘এক পেড় মা কে নাম’ৰ জৰিয়তে পৰিৱেশ বহনক্ষমতাৰ বিষয়ত ৮ লাখ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৰুত্ব আৰোপ কৰা মূল ক্ষেত্ৰসমূহৰ ভিতৰত এক উন্নত প্ৰশাসনৰ বাবে প্ৰযুক্তিয়ে মহিলা আৰু শিশু উন্নয়নৰ সৈতে জড়িত নিৰ্দিষ্ট কৰ্মীসকলক ১০ লাখতকৈ অধিক কাৰ্য্যকলাপ সম্পন্ন কৰিবলৈ উৎসাহিত কৰিছে। যিয়ে আইচিটি এপ্লিকেচন পোষণ ট্ৰেকাৰৰ(ICT applications Poshan Tracker) সৈতে জড়িত পুষ্টিসূচক আৰু সামগ্ৰিকভাৱে কাৰ্যসূচীগত ক্ষেত্ৰসমূহৰ ফলপ্ৰসূ ৰূপায়ণ তথা নিৰীক্ষণত সহায় কৰাৰ লক্ষ্য আগত ৰাখিছে।

২০১৮ চনত দেশৰ প্ৰথম পুষ্টিকেন্দ্ৰিক জন আন্দোলন আৰম্ভ হোৱাৰ পৰাই বিভিন্ন মন্ত্ৰালয়/ বিভাগসমূহৰ সৈতে সমন্বয় ৰক্ষা কৰি এই জন আন্দোলনক আগুৱাই নিয়া হৈছে। বিভিন্ন মন্ত্ৰালয় তথা বিভাগৰ সমন্বয়ে বিভিন্ন ধৰণৰ লোক বিশেষকৈ তৃণমূল পৰ্যায়ৰ লোকৰ ওচৰলৈ যোৱাত সহায় কৰিছে। আজিলৈকে চলি থকা পোষণ মাহত শীৰ্ষ অৰিহণা যোগোৱা মন্ত্ৰালয়সমূহ হৈছে ১.৩৮ লাখ কাৰ্য্যকলাপেৰে শিক্ষা মন্ত্ৰালয়(Ministry of Education), স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে, ১.১৭ লাখ কাৰ্য্যকলাপ(Ministry of Health and Family Welfare), গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ে ১.০৭ লাখ কাৰ্য্যকলাপ(Ministry of Rural Development), আয়ুষ মন্ত্ৰালয়ে ৬৯ হাজাৰ কাৰ্যসূচীৰে(AYUSH Ministry) আৰু পঞ্চায়তীৰাজ মন্ত্ৰালয়ে পোষণ মাহ ২০২৪ত একাধিক বিষয়বস্তুক লৈ ৬৪ লাখ কাৰ্যসূচীৰ সম্পন্ন কৰিছে(Ministry of Panchayati Raj)।

ৰাজ্য/কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক তেওঁলোকৰ স্থানীয় পৰিৱেশৰ সৈতে সৰ্বোত্তমভাৱে উপযুক্ত কাৰ্য্যকলাপ গ্ৰহণ কৰিবলৈ স্বাধীনতা দিয়া হৈছে যদিও এতিয়ালৈকে শীৰ্ষত আৰোহন কৰা কাৰ্য্যকলাপসমূহ হৈছে- শিশুৰ বাবে ৰক্তহীনতা শিবিৰ আয়োজন কৰা , কিশোৰীৰ (১৪-১৮ বছৰ)বাবে ৰক্তহীনতা শিবিৰ ,শাৰীৰিক বৃদ্ধি নিৰীক্ষণ কৰা আদিৰ লগতে এনেবোৰ বিষয়ত সজাগতা সম্পৰ্কীয় অধিৱেশন, শাৰীৰিক বৃদ্ধি জোখা পৰীক্ষণ, প্ৰজননক্ষম মহিলাৰ বাবে ৰক্তহীনতা শিবিৰ, বৃদ্ধি জোখা (SAM/ MAM পৰীক্ষা), পৰিপূৰক খাদ্যৰ বিষয়ত বিভিন্ন কাৰ্য্যকলাপ/ শিবিৰ (শিশুৰ ৬ মাহ বয়সত নিৰাপদ, পৰ্যাপ্ত আৰু উপযুক্ত পৰিপূৰক খাদ্য) আয়োজন কৰা হৈছে(Su-poshit Kishori, Sa-shakt Nari) ।

একেধৰণে নগৰীয়া বস্তি ভিত্তিক ৰক্তহীনতা শিবিৰসহ আউটৰিচ কাৰ্য্যকলাপ, স্থানীয় খাদ্য সামগ্ৰীৰ জৰিয়তে পৰিপূৰক খাদ্য ৰেচিপি ৰন্ধন সম্পৰ্কীয় প্ৰদৰ্শনীমূলক অধিবেশন, এছ এইচ জি, এন এছ এছ/ এন ৱাই কে আদি ৰক্তহীনতা সম্পৰ্কীয় আউটৰিচ কাৰ্য্যকলাপ, পৰিপূৰক খাদ্যৰ ক্ষেত্ৰত খাদ্য বৈচিত্ৰ্য সম্পৰ্কীয় সজাগতা শিবিৰ, শিক্ষা চৌপাল মূলতঃ অংগনবাড়ী কেন্দ্ৰসমূহত ইচিচিই শিক্ষণসমূহৰ প্ৰচাৰ, ‘এক পেড় মা কে নাম’ৰ জড়িয়তে বাগিচা সৃষ্টিৰে পৰিৱেশ সুৰক্ষাৰ প্ৰতিশ্ৰুতি, থলুৱা খেলৰ বিষয়ে প্ৰচাৰ কৰা আৰু খেল ভিত্তিক শিক্ষণৰ ওপৰত শিশু তথা অভিভাৱকৰ বাবে প্ৰদৰ্শনী অধিবেশন/কাৰ্য্যকলাপ, নগৰীয়া বস্তি ভিত্তিক শাৰীৰিক বৃদ্ধি জোখা অভিযান(SAM/ MAM screening), TOYathon – DIY/ অংগনবাড়ী কৰ্মীৰ জড়িয়তে থলুৱা খেলনা নিৰ্মাণ কৰ্মশালা, খেলনা ভিত্তিক আৰু খেলা-ভিত্তিক শিক্ষণ প্ৰচাৰৰ বাবে সমূহীয়া ভিত্তিত ‘খেলো আৰু পঢ়ো’ কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে ।

এইসমূহ কাৰ্যসূচীৰ ওপৰিও গৰ্ভৱতী মহিলাৰ ওজন বৃদ্ধিৰ বাবে জোখ-মাখ অভিযান (গৰ্ভাৱস্থাৰ ওজন বৃদ্ধি সম্পৰ্কীয়) আৰু ইয়াৰ তথ্য পোষণ ট্ৰেকাৰত অন্তৰ্ভুক্ত কৰা, গাঁৱৰ সীমাৰ ভিতৰত উপলব্ধ বিভিন্ন খাদ্যৰ বিষয়ত আলোকপাত কৰিবলৈ অংগনবাড়ী কৰ্মীৰ জড়িয়তে খাদ্য সম্পদৰ মেপিং, আৰু সংশ্লিষ্ট বিশেষজ্ঞৰ সৈতে পৰিৱেশ সুৰক্ষাৰ বিষয়ত আউটৰিচ কাৰ্য্যকলাপ আদি ৰূপায়ন কৰি অহা হৈছে ।

সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ অংশগ্ৰহণ আৰু চৰকাৰী সহযোগিতাৰে দেশজুৰি সংহত পদ্ধতিৰে চলি থকা পোষণ মাহে “সু-পোষিত কিশোৰী স-শক্ত নাৰী”ৰ শ্লোগানক এক নতুন মাত্ৰা প্ৰদান কৰিছে।

Comments are closed.