Breaking

মৰিগাঁৱত ভাৰতীয় জনতা পাৰ্টিৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসত ৮জন বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা

0 72

সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বৃহস্পতিবাৰে মৰিগাঁও জিলাটো মৰিগাঁও জিলা বিজেপি দলৰ উদ্যোগত জিলা মুখ্য কাৰ্য্যালয়ত ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱস আয়োজন কৰে।

এই প্ৰতিষ্ঠা দিৱসৰ লগত সঙ্গতি ৰাখি মৰিগাঁও জিলা সমিতিয়ে এক সম্বৰ্ধনা অনুষ্ঠানো আয়োজন কৰে।

এই অনুষ্ঠানত মৰিগাঁও জিলা তথা অসমৰ সু সন্তান আন্তঃৰাষ্টীয় খ্যাতিপন্ন বিশিষ্ট হোমিওপেথিক চিকিৎসক ডাঃ ৰঞ্জীত কুমাৰ নাথৰ লগতে জিলা খনৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন ধৰণৰ সেৱা আগবঢ়োৱা ৭ গৰাকী মৰিগাঁৱৰ বিশিষ্ট ব্যক্তি ক্ৰমে সুৰেণ শৰ্মা, মানস নাথ, দীপজ্যোতি বৰা, ৰমেন তামুলী, দিব্যজ্যোতি মহন্ত, জিতুমনি নাথ আৰু প্ৰভাকৰ ডেকাক এটা জাপি আৰু এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনায়।

জিলা সমিতিৰ সাধাৰণ সম্পাদক নিৰ্মল কোঁৱৰে আত ধৰা এই অনুষ্ঠানত উপষ্ঠিত থাকে জিলা সমিতিৰ সভাপতি প্ৰবিন মেধি, সাধাৰণ সম্পাদক ৰাম প্ৰসাদ সৰকাৰকে ধৰি জিলা সমিতি সমুহৰ কাৰ্যকৰ্তা সকলৰ লগতে আৰু বহু সংখ্যক লোক।

Leave A Reply

Your email address will not be published.