Breaking

দেশৰ ৮০ শতাংশ লোকেই মনে-প্ৰাণে মোদীক, পিউ ৰিচাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশ…

0 81

২০২৪ৰ লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ। এনে সময়তে নৰেন্দ্ৰ মোদীয়ে পুনৰ প্ৰধানমন্ত্ৰীৰ আসনত বহিব পাৰিব নে নাই তাকে লৈ বহুতৰে মাজত চৰ্চা আৰম্ভ হৈছে। এনে চৰ্চাৰ মাজতে এক শেহতীয়া সমীক্ষাই দেখুৱাইছে যে মোদীক প্ৰতি ১০ জন ভাৰতীয়ৰ ভিতৰত আঠজনেই ভালপায়। পিউ ৰিচাৰ্চ চেণ্টাৰৰ শেহতীয়া অধ্যয়নত এই কথা প্ৰকাশ পাইছে। অহা বছৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। তাৰ ঠিক আগতে, এনে জৰীপৰ ফলাফল ৰাজহুৱা কৰা হৈছে। এই অধ্যয়নটোৱে প্ৰকৃততে কি প্ৰকাশ কৰে? সমীক্ষাত পোৱা গৈছে যে ভাৰতৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ ৫৫ শতাংশ মানুহে মোদীক বহুত ভালপায়। সামগ্ৰিকভাৱে, মোদীৰ সমৰ্থনত থকা লোকৰ সংখ্যা হৈছে ৮০ শতাংশ। আনহাতে সমীক্ষাত ভাগ লোৱা ২০ শতাংশ লোকেহে মোদীৰ প্ৰতি বিৰাগৰ ভাব প্ৰকট কৰিছে। ২০ শতাংশ লোকৰ নেতিবাচক মনোভাৱৰ পিছতো মোদীৰ সমৰ্থনত আছে ৮০ শতাংশ লোক। প্ৰতিবেদনখনত লগতে কোৱা হৈছে যে যিসকলে এন ডি এৰ ওপৰত পূৰ্ণ আস্থা ৰাখি আহিছে তেওঁলোকৰ মতে বিশ্ব মঞ্চত ভাৰতৰ স্থিতি শক্তিশালী হৈ আহিছে।

সমীক্ষাত দেখা গৈছে যে প্ৰতি ১০ জনৰ ভিতৰত ৭ জনে এনেদৰেই ভাবে। আনহাতে, আনসকলে ইয়াৰ বিপৰীতে মন্তব্য কৰিছে। সেইসকল লোকৰ মতে মোদীৰ শাসনত দেশখন আগৰ তুলনাত দুৰ্বল হৈহে পৰিছে। ইফালে, ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত বেছিভাগ ভাৰতীয়ই পুটিনক সমৰ্থন কৰিছে। সামগ্ৰিকভাৱে, এই বছৰ জৰীপ কৰা ২৪ খন দেশৰ ভিতৰত কেৱল ভাৰতীয়সকলেহে ৰাছিয়াৰ প্ৰতি সমৰ্থন প্ৰকাশ কৰিছে। ৫৭ শতাংশ ভাৰতীয় মস্কোৰ পক্ষত আছে। সমীক্ষাটো চলোৱাৰ সময়ত ২৫ মাৰ্চৰ পৰা ১১ মে’ৰ ভিতৰত ২,৬১১ জন লোকৰ মন্তব্য গ্ৰহণ কৰা হৈছিল আৰু পিছত প্ৰতিবেদনখন প্ৰস্তুত কৰা হৈছিল। উল্লেখ্য ভাৰতে এইবেলি জি ২০ সন্মিলনৰো সভাপতিত্ব কৰিছে। এই কথাই মোদীক বিশ্বত অধিক জনপ্ৰিয় কৰি তুলিছে। নানান আন্তঃৰাষ্ট্ৰীয় বিষয়ত মোদীয়ে সক্ৰিয় ভূমিকা গ্ৰহঁণ কৰিছে। বিশেষকৈ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ কেৱল মোদীয়েহে বন্ধ কৰিব পাৰিব বুলি বিভিন্ন জনে মন্তব্য কৰি আহিছে। সেয়ে বিশ্বত মোদীৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে।

Leave A Reply

Your email address will not be published.