গুৱাহাটীৰ অন্যতম বিসৰ্জনথলী হিচাপে জনমানসত ব্ৰহ্মপুত্ৰৰ পাণ্ডুঘাটে এক সুকীয়া পৰিচিতি লাভ কৰি আহিছে। কিয়নো পাণ্ডুঘাটত যেনে ধৰণৰ শৃংখলাবদ্বভাৱে দুৰ্গা দেৱীৰ প্ৰতিমা বিসৰ্জন দিয়া হয় সেয়া তুলনাবিহীন।
ইয়াত প্ৰতি বছৰে কোনে কিমান শৃংখলাবদ্ধ ভাৱে প্ৰতিমা বিসৰ্জন দিয়ে তাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় । সমান্তৰালভাৱে আন আন ক্ষেত্ৰ সমূহতো বিভিন্ন শিতানত প্ৰতিযোগিতাৰ আয়োজন কৰা হয় আৰু সেই অনুসৰি সেই উদযাপন সমিতি সমূহক নগদ ধনসহ বঁটা প্ৰদান কৰা হয়।
লক্ষণীয় বিষয়টো হল আন আন ঘাটত এদিনৰ বিপৰীতে পাণ্ডুঘাটত বিজয়া দশমী আৰু তাৰ পাছদিনা অৰ্থাৎ দুদিন ধৰি প্ৰতিমা বিসৰ্জন দিয়া হয়। পাণ্ডুঘাট বিসৰ্জন সমিতিৰ সভাপতি নিমাই চন্দ্ৰ দাস, কাৰ্যকৰী সভাপতি কমল দে আৰু সাধাৰণ সম্পাদক দ্বিজেন লহকৰে জানিবলৈ দিয়া মতে এইবেলি দুদিনত মুঠ ৯৮ খন প্ৰতিমা বিসৰ্জন দিয়া হয়।
তাৰ ভিতৰত ২৪ অক্টোবৰ বিজয়া দশমীৰ দিনা মাজনিশালৈ ৫৭ খন আৰু পাঁচদিনা মাজনিশাকৈ ৪১ খন প্ৰতিমা বিসৰ্জন দিয়া হয়।
ইফালে প্ৰথম বাৰৰ বাবে ৰাজ্যৰ দুৰ্গত ৰাইজক কভিডৰ সময়ৰে বিনামূলীয়াকৈ আহাৰ যোগান ধৰি সকলোৰে প্ৰশংসা লাভ কৰা অমৃত ভোগ ভাণ্ডাৰাই দুয়োদিনতে তাত উপস্থিত থকা প্ৰায় ৮ হাজাৰৰো অধিক ভক্তক নাৰিকলৰ পানীৰ বটল যোগান ধৰে।
২৫ অক্টোবৰত ঘাটত বিসৰ্জন দিয়া পৰ্বত সহযোগিতা আগবঢ়াই অহা সকলোকে ৰন্ধা খাদ্য যোগান ধৰে। যাৰ বাবে অমৃত ভোগ ভাণ্ডাৰাৰ প্ৰতিষ্ঠাপক ভাগচান্দ জৈনক সকলোৱে ভূয়সী প্ৰশংসা কৰিছে পাণ্ডুঘাট বিসৰ্জন সমিতিৰ কৰ্মকৰ্তাকে ধৰি ঘাটত উপস্থিত সকলোৱে।