Breaking

চিমেন চাপৰিত পথ সজাগতা সভা আৰু বাটৰ নাট প্ৰদৰ্শন…

0 45

চিমেন চাপৰিত পথ সজাগতা সভা আৰু বাটৰ নাট প্ৰদৰ্শন।

ধেমাজি জিলা আৰক্ষীৰ তত্বাৱধানত আৰু চিমেন চাপৰি আৰক্ষী থানাৰ উদ্যোগত  চিমেন চাপৰি নাগৰিক সমিতি আৰু চিমেন চাপৰি আৰক্ষী থানাৰ অন্তৰ্গত গাঁওৰক্ষী বাহিনীৰ সহযোগত পথ সুৰক্ষাৰ ওপৰত আজি চিমেন চাপৰি চাৰিআলিত পথ সজাগতা সভা আৰু বাটৰ নাট প্ৰদৰ্শন কৰা হয়।

পথ সুৰক্ষাৰ ওপৰত ড০ গোপাল তামুলীৰ দ্বাৰা ৰচিত ‘ঢৌটোতে ৰৌটো’ নামৰ বাটৰ নাটৰ জৰিয়তে তীব্ৰ গতিত যান বাহন চলোৱা পৰিহাৰ কৰা, যান বাহন চলাওঁতে মবাইল ফোন ব্যৱহাৰ নকৰা, সুৰাপান কৰি যান বাহন নচলোৱা, চাৰিচকীয়া বাহন চলাওঁতে চিট বেল্ট ব্যৱহাৰ কৰা আৰু দুচকীয়া বাহন চলাওঁতে হেলমেট পৰিধান কৰা আদিৰ ওপৰত চালকসকলৰ উদ্দেশ্যি  বাটৰ নাটৰ জৰিয়তে সজাগতামূলক প্ৰদৰ্শন কৰা হয়।

পথ সজাগতা সভা আৰু বাটৰ নাট প্ৰদৰ্শন কৰা অনুষ্ঠানত উপস্থিত থাকে চিমেন চাপৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সাৰঙ্গ সিদ্ধ গগৈ, চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শচিন দলে,  ই-ৰিক্সা চালক সন্থাৰ সভাপতি, সম্পাদক, মেজিক সন্থাৰ সভাপতি, সম্পাদক আদিৰ লগতে অঞ্চলটোৰ বহু গন্যমান্য তথা বিশিষ্ট ব্যক্তি আদিয়ে।

শম্ভু দাস চিলাপথাৰ

Leave A Reply

Your email address will not be published.