Breaking

বৰ্ষান্তৰ সমীক্ষা, ২০২৩ঃ গাখীৰ উৎপাদনত ভাৰত বিশ্বৰ ভিতৰতে প্ৰথম স্থানত থকা দেশত পৰিণত, কণীত দ্বিতীয়…

0 29

বিশ্বৰ ভিতৰতে গাখীৰ উৎপাদনত ভাৰতে প্ৰথম স্থান দখল কৰিছে৷ ২০২৩ বৰ্ষটো পশুপালন আৰু দুগ্ধ পালন বিভাগৰ বাবে এক উজ্জ্বল বছৰ হিচাবে পৰিগণিত হৈছে। মুঠ কৃষি আৰু আনুষঙ্গিক খণ্ডত পশুধনৰ অৱদান মুঠ মূল্য সংযোজন (জিভিএ) ২৪.৩৯ শতাংশৰ (২০১৪-১৫ ) পৰা ৩০.১৯ শতাংশলৈ (২০২১-২২) লৈ বৃদ্ধি হৈছে। দেশত কণী উৎপাদন ২০১৪-১৫ বৰ্ষত ৭৮.৪৮ বিলিয়নৰ পৰা ১৩৮.৩৮ বিলিয়নটালৈ বৃদ্ধি হৈছে। ৰাষ্ট্ৰীয় গোকুল মিছনৰ অধীনত ৪ কোটিতকৈও অধিক কৃষক উপকৃত হৈছে। ৩৮৬৪ ৰাষ্ট্ৰীয় দুগ্ধ উন্নয়ন কাৰ্যসূচীৰ অধীনত গাওঁ পৰ্যায়ৰ গাখীৰ সংগ্ৰহ কেন্দ্ৰত ৮৪.৪ লাখ লিটাৰ গাখীৰ শীতলীকৰণৰ সুবিধাৰ সৈতে ৪ কোটিতকৈও অধিক কৃষক উপকৃত হৈছে। কৃষকসকলৰ বাবে ২৯.৮৭ লাখ তকৈও অধিক নতুন কেচিচি অনুমোদিত হৈছিল। দুগ্ধজাত সামগ্ৰী হৈছে ৰাষ্ট্ৰীয় অৰ্থনীতিৰ ৫ শতাংশ অৰিহণা যোগোৱা সামগ্ৰী ৷ এই খণ্ডই ৮ কোটিতকৈও অধিক কৃষকক পোনপটীয়াকৈ সংস্থাপন দিছে৷ বিশ্বব্যাপী গাখীৰ উৎপাদনৰ ২৪.৬৪ শতাংশ অৰিহণা যোগাই ভাৰতে গাখীৰ উৎপাদনত প্ৰথম স্থানত আছে। গাখীৰ উৎপাদন যোৱা ৯ বছৰত ৫.৮৫ % বৃদ্ধি হৈছে৷ এয়া ২০১৪-১৫ বৰ্ষত ১৪৬.৩১ নিযুত টনৰ পৰা ২০২২-২৩ বৰ্ষত ২৩০.৫৮ নিযুত টনলৈ বৃদ্ধি হৈছে। ২০২১ বৰ্ষৰ তুলনাত ২০২২ চনত বিশ্বৰ গাখীৰ উৎপাদন ০.৫১ % বৃদ্ধি হৈছে (ফুড আউটলুক জুন ২০২৩)। ২০২২-২৩ বৰ্ষত ভাৰতত গাখীৰৰ জনমূৰি উপলব্ধতা হৈছে প্ৰতিদিনে ৪৫৯ গ্ৰাম, ২০২২ চনত বিশ্বৰ গড় জনমূৰি উপলব্ধতা আছিল প্ৰতিদিনে ৩২২ গ্ৰাম (ফুড আউটলুক জুন’২০২৩)।

খাদ্য আৰু কৃষি সংস্থা কৰ্পোৰেট ষ্টেটিষ্টিকেল ডাটাবেছ (ফাওষ্টেট)ৰ উৎপাদন সম্পৰ্কীয় তথ্য অনুসৰি ভাৰত বিশ্বৰ ভিতৰতে কণী উৎপাদনত দ্বিতীয় আৰু মাংস উৎপাদনত পঞ্চম স্থানত আছে।

Leave A Reply

Your email address will not be published.