Breaking

কুঁৱলীত আচ্ছন্ন ৰাজধানী দিল্লী, ৰে’ল আৰু বিমানৰ চলাচলত বাধা…

0 37

বুধবাৰে ঘন কুঁৱলীয়ে দিল্লীক আৱৰি ৰখাৰ ফলত জনজীৱন ব্যাহত হৈ পৰে। ফলত চহৰ খনত দৃশ্যমানতা প্ৰায় শূন্যত উপনীত হয় । ৰাজধানী চহৰ খনত বুধবাৰে পুৱা এক একো নেদেখা হোৱা পৰিবেশে বিৰাজ কৰে৷ ফলস্বৰূপে, ৰাস্তাত গাড়ীৰ দীঘলীয়া ভিৰ পৰিলক্ষিত হয়। কুঁৱলীৰ বাবে ২৫ খন ৰে’ল পলমকৈ চলি আছে। ১১০ খনতকৈও অধিক বিমানৰ উৰণ ব্যাহত হৈছে।

দিল্লীৰ চফদৰজঙত আজি দৃশ্যমানতা মাত্ৰ ৫০ মিটাৰ হয়। আন বহু ঠাইত ইয়াতকৈও কম হয়৷ উত্তৰ প্ৰদেশতো পৰিস্থিতি বেয়াৰ দিশে ঢাল খাইছে। আগ্ৰা-লক্ষ্ণৌ এক্সপ্ৰেছৱেত কুঁৱলীৰ বাবে সংঘটিত পথ দুৰ্ঘটনাত এজন লোক নিহত হয়। ঘন কুঁৱলীয়ে পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান আৰু মধ্য প্ৰদেশকো আৱৰি ৰাখে। পাটিয়ালা, লক্ষ্ণৌ আৰু প্ৰয়াগৰাজত দৃশ্যমানতা ২৫ মিটাৰতকৈও কম হয় । অমৃতসৰত ই ০ মিটাৰত উপনীত হয়। এনে পৰিস্থিতিত দিল্লীত প্ৰদূষণো ব্যাপক হৈ পৰিছে। দিল্লীৰ আনন্দ বিহাৰৰ প্ৰদূষণৰ স্তৰ আজি হৈছে ৪৪১। আনহাতে লোধি ৰোডত ৩২৭ হৈছে। ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওচৰত সেয়া ৩৬৮।

স্বাভাৱিকতে, এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপিত হয় এনে পৰিস্থিতিৰ পৰা দিল্লীবাসীয়ে কেতিয়া সকাহ পাব? বতৰ বিজ্ঞান বিভাগৰ কাৰ্যালয়ৰ মতে অহা সপ্তাহত পৰিস্থিতিৰ অধিক অৱনতি ঘটিব । যোৱা কেইবছৰমানৰ পৰা দিল্লীকে ধৰি উত্তৰৰ ৰাজ্যসমূহত প্ৰদূষণ সমগ্ৰ দেশৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছে। বহু ৰাজ্যত গ্ৰীষ্মকালতো কুঁৱলী দেখা গৈছে।

Leave A Reply

Your email address will not be published.