ইছলামত সমাজ সংস্কাৰক এক সামগ্ৰিক দৃষ্টিভংগীৰ জৰিয়তে উৎসাহিত কৰা হয় যিয়ে ধৰ্মীয় শিক্ষাক জ্ঞান আৰু বিজ্ঞানৰ প্ৰতি দায়বদ্ধতাৰ সৈতে সংযুক্ত কৰে। বিজ্ঞানমুখী মনোভাৱেৰে ইছলামিক দৃষ্টিকোণৰ পৰা সমাজখন সংস্কাৰ কৰাৰ কিছুমান উপায় এনেধৰণৰ–
১. শিক্ষা আৰু জ্ঞান:
শিক্ষাৰ গুৰুত্বৰ ওপৰত প্ৰধান্য দিয়া ইছলামৰ এক বিশেষ আদর্শ, কিয়নো ইছলামত জ্ঞান অন্যেষন কৰাটো অতিশয় মূল্যৱান বিষয় হিচাবে বিবেচিত। কোৰআনৰ আয়াত যেনে “পঢ়ক! আপোনাৰ সৃষ্টিকর্তা আল্লাহৰ (প্ৰভু/ঈশ্বৰৰ) নামত” (“Read! In the name of your Lord who created”) (কোৰআন ৯৬:১) ইয়াৰ জৰিয়তে জ্ঞানৰ তাৎপৰ্য্যৰ ওপৰত আলোকপাত কৰা দেখা গৈছে। ধৰ্মীয় আৰু বৈজ্ঞানিক জ্ঞান উভয়কে একত্ৰিত কৰা, শিক্ষানুষ্ঠান স্থাপন কৰা, সমালোচনাত্মক চিন্তা আৰু উদ্ভাৱনক উৎসাহিত কৰা পৰিৱেশ গঢ়ি তোলা ইত্যাদি দিশসমূহ ইছলামত অধিক তাৎপৰ্যপূৰ্ণ।
২. নৈতিক বিজ্ঞান আৰু প্ৰযুক্তি:
ইছলামিক দৰ্শনে নৈতিক নীতিৰ সৈতে মিল থকা বৈজ্ঞানিক গৱেষণা আৰু প্ৰযুক্তিগত উন্নতিক সদায় উৎসাহিত কৰি আহিছে। গৱেষক আৰু অভিযন্তাসকলৰ বাবে নিৰ্দেশনা প্ৰস্তুত কৰা যাতে তেওঁলোকৰ কামে মানৱতাক উপকৃত কৰে আৰু ইছলামিক মূল্যবোধসমূহ মানি চলাত সহায় কৰে। বৈজ্ঞানিক প্ৰচেষ্টাত নৈতিক বিবেচনাক পথ প্ৰদৰ্শন কৰিবলৈ সঠিক ব্যৱস্থাপনা আৰু সম্পদৰ দায়িত্বশীল ব্যৱহাৰক কোৰআনৰ নীতিসমূহৰ জৰিয়তে স্পষ্ট কৰিছে।
৩. সামাজিক ন্যায় আৰু সমতা:
ইছলামিক দৰ্শনে সর্বদায় সামাজিক ন্যায় আৰু সমতাৰ পোষকতা কৰে, ন্যায় আৰু সমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা কোৰাণৰ আয়াতৰ পৰাও প্ৰেৰণা লব পাৰি। উদাহৰণস্বৰূপে, “হে আল্লাহৰ বিশ্বাসীসকল, ন্যায়ৰ ক্ষেত্ৰত অটলভাৱে থিয় হওক” (“O you who have believed, be persistently standing firm in justice”) (কোৰআন ৪:১৩৫)। সামাজিক ন্যায়ৰ বিষয় আৰু বৈষম্যসমূহৰ সমাধানৰ বাবে বিজ্ঞান মনস্ক জ্ঞানৰ ব্যৱহাৰ কৰা, প্ৰান্তীয় ও পশ্চাদমুখী সম্প্ৰদায়সমূহক উন্নীত কৰাৰ লক্ষ্যৰে নীতি আৰু পদক্ষেপসমূহক প্ৰসাৰ কৰা ইত্যাদি দিশত ইছলামত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে।
৪. পৰিৱেশ ব্যৱস্থাপনা:
সাধাৰণ শিক্ষাৰ লগতে ইছলামিক শিক্ষাৰ ওপৰত ভিত্তি কৰি পৰিৱেশ-বন্ধুত্বপূৰ্ণ পদ্ধতি ৰূপায়ণ কৰাৰ যোগেদি পৃথিৱীখনৰ দায়িত্বশীল পৰিচালনাৰ ওপৰত গুৰুত্ব আৰোপ কৰা ইছলামিক দৰ্শনৰ এক অন্যতম উদ্দেশ্য। কোৰআনত কৈছে, “তেওঁৱেই তোমালোকক পৃথিৱীত উত্তৰাধিকাৰী (খলিফা) কৰি তুলিছে…” (“It is He who has made you successors (khalifah) upon the Earth…”) (কোৰআন ৩৫:৩৯)। ইয়াৰ অৰ্থ এই যে যেতিয়াই আমাৰ ওপৰত কোনো বিষয়ৰ দায়িত্ব সমৰ্পণ কৰা হয় তেতিয়া সেই বিষয়টোৰ সঠিক তত্বাৱধান আমাৰ নৈতিক কৰ্তব্য হৈ পৰে। সেয়ে সংৰক্ষণ আৰু বহনক্ষম উন্নয়নৰ দিশেৰে ইছলামিক নীতিৰ সৈতে মিলি পৰিৱেশ প্ৰত্যাহ্বানৰ বৈজ্ঞানিক সমাধান সূত্ৰ প্ৰয়োগ কৰি এক সুস্থ পৰিবেশ ব্যৱস্থাপনা গঢ়ি তোলাও আমাৰ দায়িত্ব।
৫. স্বাস্থ্য আৰু সুখ/শান্তি:
সমাজৰ সুখ ও শান্তি বৃদ্ধিৰ বাবে জনস্বাস্থ্যৰ পদক্ষেপ আৰু চিকিৎসা গৱেষণাক অগ্ৰাধিকাৰ দিয়া ইছলামৰ এক অন্যতম দিশ। হজৰত মহম্মদ (ছাঃ)-এ এক সুষম আৰু সুস্থ জীৱনশৈলীক উৎসাহিত কৰি কৈছে, “আপোনাৰ শৰীৰৰ ওপৰত আপোনাৰ অধিকাৰ আছে” (“Your body has a right over you”)।
সমাজৰ সুখ-শান্তি ও মংগল নিশ্চিত কৰাৰ ইছলামিক ধাৰণাটোৰ সৈতে মিল ৰাখি সকলোৰে বাবে সুলভ স্বাস্থ্যসেৱা প্ৰদান কৰিবলৈ চিকিৎসা বিজ্ঞানৰ উন্নতিৰ সাধন আৰু ইয়াৰ প্ৰসাৰ কৰাও আমাৰ কৰ্তব্যৰ ভিতৰত।
৬. বিভিন্ন সম্প্ৰদায়ৰ সংযোগ স্থাপন:
ভাতৃত্ববোধ আৰু পাৰস্পৰিক সম্পৰ্ক বজাই ৰাখি ইছলামিক ধাৰণাটোক প্ৰসাৰিত কৰি বিভিন্ন সম্প্ৰদায় আৰু সামাজিক দায়বদ্ধতাৰ ভাৱনাক লালন-পালন কৰাটোও ইছলামৰ এক বিশেষ আদৰ্শ। কোৰআন’ত জোৰ দি কৈছে, “মুমিনসকল সকলো ভাই ভাই, গতিকে তোমালোকৰ ভাইসকলৰ মাজত সকলো নিষ্পত্তি কৰা” (“The believers are but brothers, so make settlement between your brothers”) (কোৰআন ৪৯:১০)। ইছলামত এইটো আয়াতৰ পৰা ভাতৃত্ববোধৰ ধাৰণাৰ বহিঃপ্ৰকাশ হোৱা বুলি কব পাৰি।
বিভিন্ন সম্প্ৰদায়ৰ প্ৰয়োজনীয়তাসমূহ বুজিবলৈ আৰু ইয়াক সঠিক উপস্থাপন কৰিবলৈ সমাজ বিজ্ঞানৰ গৱেষণা ব্যৱহাৰ কৰা, লগতে প্ৰতিটো জনগোটক অন্তৰ্ভুক্ত আৰু অংশগ্ৰহণমূলক বিকাশ নিশ্চিত কৰাৰ ক্ষেত্ৰত ও ইছলামত গুৰুত্ব আৰোপ কৰা হয়।
৭. আন্তঃধৰ্মীয় সংলাপ:
ইছলামে কয় অন্য ধৰ্মৰ লোকৰ সৈতে আলোচনাত লিপ্ত হওক, পাৰস্পৰিক বুজাবুজি আৰু সন্মানৰ পোষকতা কৰক। শান্তিপূৰ্ণ সহাৱস্থানক প্ৰসাৰিত কৰা কোৰআনৰ আয়াতসমূহ চাওক, যেনে “তোমালোকৰ বাবে তোমাৰ ধৰ্ম হওক, আৰু মোৰ বাবে মোৰ ধৰ্ম হওক” ( “To you be your religion, and to me, my religion”) (কোৰআন ১০৯:৬)। ইয়াৰ দ্বাৰা বুজিব পাৰি যে আমাৰ মাজৰ ধর্মীয় দ্বন্দ্ব সমূৰ্ণৰূপেই অহেতুক। জ্ঞানৰ সাৰ্বজনীন প্ৰকৃতি আৰু সত্যৰ সন্ধানক প্ৰতিফলিত কৰি বৈচিত্ৰ্যপূৰ্ণ দলৰ সৈতে বৈজ্ঞানিক প্ৰকল্পত সহযোগিতাক উৎসাহিত কৰাও ইছলামৰ এক অন্যতম দিশ।
শেষত ক’বলৈ গ’লে ইছলামিক নীতিসমূহক বিজ্ঞানমুখী মনোভাৱৰ সৈতে একত্ৰিত কৰাত শিক্ষা, নৈতিক বৈজ্ঞানিক পদ্ধতি, সামাজিক ন্যায়, পৰিৱেশ পৰিচালনা, স্বাস্থ্য, সম্প্ৰদায়ৰ সংযোগ, আৰু আন্তঃধৰ্মীয় আলোচনাক সমাজ সংস্কাৰত ইতিবাচক অৰিহণা যোগাবলৈ প্ৰসাৰ কৰাটো জড়িত হৈ আছে। এনেদৰে আমি আমাৰ নিজৰ ধর্ম ও কৰ্ম সঠিক ৰূপায়ন কৰিলে আমাৰ মাজত কোনোধৰণৰ ধৰ্মীয় দ্বন্দ্ব, হাই-কাজিয়া, বিবেদ, বৈষম্যতা নাথাকিব আৰু সমাজখন সুস্থভাৱে পৰিচালিত হব। শেষত এটাই আহ্বান আহক আমি সকলোৱে মিলি “বিবিধতাৰ মাজত ঐক্য” স্থাপন কৰো আৰু ভাতৃত্ববোধৰ মিলন সাঁকো গঢ়ো।
বি:দ্ৰ: মই কোনো ইছলামিক স্কলাৰ নহওঁ সেয়ে কিবা ভুল-ক্ৰুটি থাকি গলে অনুগ্ৰহ কৰি আঙুলিয়াই দি কৃতাৰ্থ কৰিব বুলি আশাবাদী।
ধন্যবাদেৰে-
ৰুহুল আমিন
সহকাৰী অধ্যাপক
শিক্ষা বিভাগ (স্নাতকোত্তৰ)
প্ৰাগজ্যোতিষ মহাবিদ্যালয়
ফোন- ৭০০২৮-৬৮০৩৪