Breaking

লক্ষ্য ২০২৪ৰ লোকসভা নিৰ্বাচনঃ বিজেপিয়ে মুকলি কৰিলে ‘মোডী কি গেৰাণ্টি’ থীম ছং…

0 36

ভাৰতীয় জনতা পাৰ্টীয়ে আজি ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে দলটোৰ এটা গান মুকলি কৰিছে। থীম ছংটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী শ্লোগান ‘মোডী কি গেৰাণ্টি’ৰ ওপৰত আধাৰিত, য’ত বিজেপিয়ে প্ৰধানমন্ত্ৰীৰ জনপ্ৰিয়তাৰ কথা গীতৰ মাজেৰে দাঙি ধৰিছে। তিনিখন গুৰুত্বপূৰ্ণ ৰাজ্যত জয়লাভ কৰি বিজেপি এতিয়া অধিক আত্মবিশ্বাসী হৈ পৰিছে। । এক্স-ত গানটো শ্বেয়াৰ কৰি বিজেপিয়ে কয় যে ‘মোডীৰ গেৰাণ্টিৰ অৰ্থ হৈছে গেৰাণ্টি পূৰণ হোৱাৰ গেৰাণ্টি।

গানটোৰ সংগীত পৰিচালক আনন্দ ৰাজ আনন্দৰ। গানটোত প্ৰধানমন্ত্ৰী মোডীৰ ভাষণকে ধৰি ভাৰতৰ গুৰুত্বপূৰ্ণ সাফল্য সমূহ সন্নিবিষ্ট হৈ আছে। ভিডিঅ’টোৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰী মোডীৰ ভাষণ আছে, য’ত তেওঁ অহা ২৫ বছৰত ভাৰতক এখন উন্নত দেশ হিচাপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি দিছে। গানটোৱে প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যকালত বিশ্বৰ মঞ্চত ভাৰতৰ সুনাম বহুগুণে বৃদ্ধি পোৱাৰ কথাও দাঙি ধৰিছে।

Leave A Reply

Your email address will not be published.