Breaking

বেছিকৈ গাজৰ খালে ভয়াৱহ ৰোগ হোৱাৰ সম্ভাৱনা…

0 41

শীতকালত বেছিকৈ গাজৰ খালে পেটৰ সমস্যা হ’ব পাৰে। শীতকালত মানুহে বহুত গাজৰ খায়। বহুতে পৰঠা, হালোৱা, চালাড, আচাৰ, শাক-পাচলি আৰু বহুতো বস্তু সৈতে মিহলাই গাজৰ খায়। কিন্তু আপুনি জানেনে যে গাজৰ আপোনাৰ স্বাস্থ্যৰ বাবে উপকাৰী হ’লেও ইয়াৰ অধিক পৰিমাণে খোৱাৰ অসুবিধা আছে। গাজৰ বেছিকৈ খালে কি বেমাৰ হ’ব পাৰে জানো আহক…

যিসকল লোকৰ বি পি আৰু ব্লাড চুগাৰৰ সমস্যা আছে তেওঁলোকে বেছিকৈ গাজৰ খাব নালাগে। এনে লোকে গাজৰ খোৱাৰ আগতে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে। যিসকল লোকৰ টোপনিৰ সমস্যা আছে তেওঁলোক গাজৰৰ পৰা আঁতৰি থাকিব লাগে। বেছিকৈ গাজৰ খালে দাঁতৰ বিষও হ’ব পাৰে। গতিকে যিসকল লোকৰ দাঁতৰ সমস্যা আছে তেওঁলোকে বেছিকৈ গাজৰ খাব নালাগে।

বিলাহীত প্ৰচুৰ পৰিমাণে আঁহ থাকে। এনে পৰিস্থিতিত যদি আপুনি দৈনিক গাজৰ খায় তেন্তে শৰীৰত আঁহৰ মাত্ৰা বৃদ্ধি পাব পাৰে। যাৰ বাবে আপোনাৰ পেটৰ বিষ আৰু পেটৰ লগত জড়িত সমস্যা হ’ব পাৰে। গাজৰত আঁহৰ লগতে কেৰটিনও প্ৰচুৰ পৰিমাণে থাকে। গাজৰ অতিমাত্ৰা খালে ছালৰ ৰং সলনি হ’ব পাৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল যিসকল মহিলাই স্তনপান কৰাই আছে তেওঁলোকে বেছিকৈ গাজৰ খাব নালাগে। কাৰণ বেছিকৈ গাজৰ খালে গাখীৰৰ সোৱাদ সলনি হ’ব পাৰে।



Leave A Reply

Your email address will not be published.