আয়ুবেৰ্দত নয়নতৰাক জীৱনদায়িনী বনৌষধি উদ্ভিদ বুলি কোৱা হয় । নয়নতৰাৰ ফুল, পাত, শিপা, ডাল সকলো অংশই ঔষধি হিচাপে ব্যৱহাৰ কৰা হয়। নয়নতৰা গছ ঘৰৰ আশে-পাশে থাকিলে ইয়াৰ বতাহে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াত সহায় কৰে। বিশেষজ্ঞ সকলৰ মতে ,কেঞ্চাৰ ৰোগৰ বাবে নয়নতৰা অতি উপকাৰী বুলি প্ৰমানিত হৈছে । এই ৰোগত নয়নতৰাৰ পৰা ঔষধ প্ৰস্তুত কৰা হয়। নিয়মিয়াকৈ ৰাতিপুৱা নয়নতৰা পাত ৩/৪ টা পিচি বা চোবাই খালে ডায়েবেটিছ ৰোগীৰ তেজত শৰ্কৰাৰ পৰিমাণ কম হয় । নয়নতৰাই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে।কৃমিৰ সমস্যাত নয়নতৰাৰ ৩/৪ টা পাতৰ ৰস খালি পেটত খালে উপকৃত হয়। সপ্তাহত দুই-এদিন নয়নতৰা ২/৩ খিলা পাত চোবাই খালে স্মৰণ শক্তি বঢ়াত সহায় কৰে।
কীট-পতংগই কামোৰা ঠাইত নয়নতৰা পাতৰ ৰস লগালে বিষ কম হয়। শৰীৰৰ ঘাঁ , খজুৱতি , এলাৰ্জি আদি সমস্যাত নয়নতৰা পাতৰ ৰস লগালে উপকৃত হয় । ৰাতিপুৱা আহাৰ খোৱাৰ আগতে নয়নতৰাৰ শিপা দুই-তিনি ইঞ্চি চোবাই ৰস খিনি খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহে। কিন্তু নিৰোগী লোকে সঘনাই নয়নতৰা খাব নালাগে। গৰ্ভৱতী মহিলা , জটিল ৰোগ থকা ব্যক্তি আৰু অস্ত্ৰোপচাৰ কৰা লোকে খোৱাৰ পৰা বিৰত থাকিব।