মৰিগাঁও, ২৮ নৱেম্বৰ : আজিৰে পৰা চাৰি দিনীয়া কাৰ্যসূচী লৈ মৰিগাঁও জিলা নিৰ্বাচন বিভাগে বিশেষ প্ৰচাৰ অভিযান আৰম্ভ কৰিছে । ২০২১ বৰ্ষৰ খচৰা ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ সন্দৰ্ভত ভোটাৰ সকলৰ মাজত সজাগতা আনিবলৈ ২৮ আৰু ২৯ নৱেম্বৰ আৰু ৫ আৰু ৬ ডিচেম্বৰত এই বিশেষ প্ৰচাৰ অভিযান চলিব । ভাৰতীয় নিৰ্বাচন আয়োগৰ সূচী অনুসৰি ২০২১ চনৰ ১ জানুৱাৰী তাৰিখক ভিত্তি বৰ্ষ হিচাপে লৈ মৰিগাঁও জিলাৰ ৭৯ নং জাগীৰোড, ৮০ নং মৰিগাঁও আৰু ৮১ নং লাহৰীঘাট এই তিনিটা বিধানসভা সমষ্টিৰ ভোটাৰ সকলৰ খচৰা ভোটাৰ তালিকা যোৱা ১৮ নৱেম্বৰ তাৰিখে প্ৰকাশ কৰা হৈছে । উক্ত তালিকাত নিজৰ নাম পৰীক্ষন কৰিবৰ বাবে ভোটাৰ সকলে www.ceoassam.nic.in ওৱেব চাইটত চাব পাৰিব । সদ্য প্ৰকাশিত খচৰা ভোটাৰ তালিকাত যি সকলৰ নাম বাদ পৰিছে অথবা ভুলকৈ ছপা হৈছে তেওঁলোকে নিৰ্বাচনৰ কাৰ্যালয়ৰ পৰা নিৰ্দিষ্ট প্ৰ-পত্ৰ সংগ্ৰহ কৰি ওজৰ আপত্তি সমূহ উল্লেখ কৰি আবেদন দাখিল কৰিব পাৰিব । আনহাতে ২০২১ চনৰ ১ জানুৱাৰীত যি সকল লোকৰ ১৮ বছৰ সম্পূৰ্ণ হব অথবা ইতিমধ্যে ১৮ বছৰ সম্পূৰ্ণ হৈছে তেওঁ লোকে নিজৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত সজাগতা আনিবলৈ এই বিশেষ প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।
Breaking
- Book launch of Digdarshan যোৰহাটত দিগদৰ্শন প্ৰকাশনৰ গ্ৰন্থ উন্মোচন
- গুৱাহাটী স্মাৰ্ট চিটী প্ৰকল্প পৰ্যবসিত হৈছে খীৰতী গাইলৈ। ছ বছৰত ৩৬৪ কোটি ব্যয় কৰাৰ পিছতো প্ৰতিফলিত হোৱা নাই উন্নয়নৰ ছবি
- কৃতি চাননৰ ৩২ তম জন্মদিনত সুশান্তৰ সৈতে ৰোমান্টিক ফটো চাওক। আৱেগিক হৈ পৰিল কৃতি চানন
- চৰাইবাহী বৰভগীয়াত ড্ৰাগচ বিৰোধী অভিযানত মিকিৰভেটা আৰক্ষীৰ বৃহৎ সফলতা
- অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ
- Smart Meter:স্মার্ট মিটাৰ এপিডিচিএলক ঘূৰাই দিলে ক্ষোভিত ৰাইজে !
- MISING AUTONOMOUS COUNCIL: মিচিং স্বায়ত্ততশাসিত পৰিষদৰ নতুন পৰিষদীয় সমষ্টি সীমা নির্ধাৰণক লৈ অভিযোগ !
- Cyber Crime: ৯ জন চাইবাৰ অপৰাধীক আটক !
- Arijit Singh: মঞ্চখনেই মোৰ বাবে মন্দিৰঃ অৰিজিত সিং
- Arunodoi 3.0: অৰুণোদয় ৩.০ঃ এক ৰেচন কাৰ্ড-এক অৰুণোদয়
- Animal Fat Used Laddu Prasadam: মন্দিৰৰ প্ৰসাদৰ লাড়ুক লৈ বিতৰ্ক! লাড়ুত জন্তুৰ চৰ্বি মিহলাই বুলি অভিযোগ এগৰাকী মুখ্যমন্ত্ৰীৰ
- Urinary Tract Infection: প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা, বিষ প্ৰস্ৰাৱ সংক্ৰমণৰ লক্ষণ!
- Father Killed Son: শিৱসাগৰত চাঞ্চল্যকৰ কাণ্ড! পিতৃৰ হাতত প্ৰাণ গ’ল পুত্ৰৰ
- Shri Shri Rudra Mahayagya: খানাপাৰাত শ্ৰীশ্ৰী ৰুদ্ৰ মহাযজ্ঞ- কামেশ্বৰী মহা আৰাধনাৰ সফল সামৰণি
- Swacchata hi seva: স্বচ্ছতাই সেৱা অভিযানৰ অংশ হিচাবে অসমত ৩৫০০ গছপুলি ৰোপণ