পৰজীৱী উদ্ভিদ আকাশী লতা বা স্বৰ্ণ লতাৰ আছে বহু উপকাৰিতা…

পৰজীৱী উদ্ভিদ আকাশী লতা বা স্বৰ্ণ লতাৰ উপকাৰিতাৰ বিষয়ে জানেনে। আশ্ৰয়দাতা গছত জোকৰ দৰে খামুচি ধৰি নিজৰ মূল কাণ্ড বাঢ়ি যায় । এসময়ত এই লতাৰ মূল কাণ্ড বিচাৰি পোৱা নাযায় । বসন্ত আৰু গ্ৰীষ্ম ঋতুত ইয়াৰ বগা ৰঙৰ ফুল ফুলে আৰু গুটি হয় ।

আকাশী লতাৰ গুটি আৰু কাণ্ড ঔষধি গুণ বিশিষ্ট। পিত্তজনিত ৰোগত ইয়াৰ কোমল লতা পিচি ৰস খাব পাৰি। কটা- চিঙাত এই লতা মোহাৰি ৰস দিলে তৎক্ষণাত কাম দিয়ে। ইয়াৰ গুটি কৃমি নাশক আৰু পেটৰ বায়ু নাশক। আনহাতে জণ্ডিছ, পক্ষাঘাত, মাংসপেশীৰ বিষ আৰু যকৃতৰ ৰোগত আকাশীলতা মহৌষধ স্বৰূপ।

Related Articles