Breaking

পৰিয়ালৰ সৈতে মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰ দৰ্শন অভিনেত্ৰী মাধুৰী দীক্ষিত নেনেৰ…

0 51

নৱবৰ্ষৰ আৰম্ভণিতে পৰিয়ালৰ সৈতে মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰ দৰ্শন কৰিলে অভিনেত্ৰী মাধুৰী দীক্ষিত নেনেয়ে। বলীউডৰ আটাইতকৈ প্ৰতিভাৱান অভিনেত্ৰী মাধুৰী দীক্ষিত সদায় লাইমলাইটত থাকে। শ্ৰীৰাম নেনে আৰু দুই পুত্ৰৰ সৈতে মুম্বাইৰ সিদ্ধিবিনায়ক মন্দিৰত উপস্থিত হৈ প্ৰণাম জনাই। মাধুৰীয়ে বাপ্পাৰ আশীৰ্বাদ বিচাৰিল তেওঁৰ ছবি ‘পাঞ্চক’ মুক্তিৰ পূৰ্বে।


বৰ্তমান মাধুৰী দীক্ষিত ব্যস্ত তেওঁৰ ছবি ‘পাঞ্চক’ৰ প্ৰচাৰত। ছবিখনৰ বিষয়ে কোৱাৰ সময়ত মাধুৰীয়ে পূৰ্বে কৈছিল- “পাঞ্চকৰ ধাৰণাটো অতি সহজ। অন্ধবিশ্বাসে আমাক আগুৰি ধৰিব পাৰে আৰু আমাক অযুক্তিকৰ ভয়ৰ দিশে লৈ যাব পাৰে, যিয়ে আমাক অৰ্থহীন পৰিস্থিতিত অৱতৰণ কৰিব পাৰে। আমি প্ৰডাকচনক লৈ অতিশয় উৎসাহিত।” ‘পাঞ্চক’ৰ তাৰকা অভিনেতা-অভিনেত্ৰীৰ বিষয়ে ক’বলৈ গ’লে ছবিখনত আদিনাথ কোথাৰে, দিলীপ প্ৰভালকাৰ, ভাৰতী আচৰেকাৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

Leave A Reply

Your email address will not be published.