Breaking

শান্তি আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠা কামনাৰে ঢেকীয়াজুলি নগৰৰ শ্ৰীশ্ৰী হনুমান মন্দিৰত শ্ৰীশ্ৰী ভাগৱত কথা…

0 64

সমাজৰ পৰা কুসংস্কাৰ,কুকাৰ্য,কুকৰ্ম নাইকীয়া কৰি অপ শক্তিৰ বিনাশেৰে বিশ্বত শান্তি আৰু ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ কামনাৰে ঢেকীয়াজুলি নগৰৰ শ্ৰীশ্ৰী হনুমান মন্দিৰত অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী ভাগৱত কথাঃউল্লেখ্য যে ঢেকীয়াজুলিৰ বিশিষ্ট সমাজকৰ্মী তথা ঢেকীয়াজুলিৰ প্ৰতিষ্ঠিত ব্যৱসায়ী বজৰং লাল চান্দক আৰু তেখেতৰ সহধৰ্মিনী সুমিত্ৰা চান্দকৰ প্ৰচেষ্টাত লগতে সমগ্ৰ চান্দক পৰিয়ালৰ সহযোগত ২৭ ডিচেম্বৰ তাৰিখৰে পৰা ঢেকীয়াজুলি নগৰৰ শ্ৰীশ্ৰী হনুমান মন্দিৰত সাতদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে শ্ৰীশ্ৰী ভাগৱত কথা৷ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰত অনুষ্ঠিত শ্ৰীশ্ৰী ভাগৱত কথাৰ অনুষ্ঠানত উপস্থিত হয় শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ৷শ্ৰীশ্ৰী ভাগৱত কথা অনুষ্ঠানত উপস্থিত হৈ শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ভগবন্তক সেৱা জনাই সকলোৰে মংগল কামনা কৰে৷

অনুষ্ঠানটিত শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে উপস্থিত হয় শোণিতপুৰ জিলাৰ অতিৰিক্ত আয়ুক্ত তথা ঢেকীয়াজুলি উপ জিলাৰ আয়ুক্ত পংকজ বৰা,ঢেকীয়াজুলি ৰাজহ চক্ৰৰ চক্ৰ বিষয়া তন্ময় বৰা,ঢেকীয়াজুলি উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া মৌচম দাস, ঢেকীয়াজুলি পৌৰ সভাৰ ৩ নং ৱাৰ্ডৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ মিশ্ৰৰ লগতে কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে৷সুদুৰ ৰাজস্থানৰ পৰা আগত শ্ৰীশ্ৰী পুৰুষত্তম ব্যস গুৰুজীয়ে প্ৰবচন কৰা উক্ত শ্ৰীশ্ৰী ভাগৱত কথাৰ অনুষ্ঠানটিত অজস্ৰ ভক্তৰ সমাগম ঘটে৷ এক উদুলিমুদুলি পৰিবেশ বিৰাজ কৰিছে ঢেকীয়াজুলিৰ শ্ৰীশ্ৰী হনুমান মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা শ্ৰীশ্ৰী ভাগৱত কথা অনুষ্ঠানত৷

Leave A Reply

Your email address will not be published.