Breaking

কলকাতাত উজলিল দৰঙৰ ৯ জনকৈ টাইকোৱাণ্ডো খেলুৱৈ…

0 54

কলকাতাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত বিশ্বজনীন খেল- টাইকোৱাণ্ডোত উজলি উঠিল দৰঙৰ ৯ জনকৈ খেলুৱৈ। উল্লেখ্য যে দৰঙৰ হাপামাৰাস্থিত ‘হাই কীকাৰ টাইকোৱাণ্ডোৰ ৯ জনকৈ খেলুৱৈয়ে কলকাতাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ’ত অংশ গ্ৰহণ কৰে। দৰঙৰ গোমঠাপাৰাৰ নিবৃতি বডো, ৰামগাঁওৰ ধৃতিস্মান চহৰীয়া আৰু হিমুজ্বল ডেকা, সৰাবাৰী বৰমপুৰৰ জিণ্টু শৰ্মাই পশ্চিমবংগৰ হাওৰাৰ দাসনগৰস্থিত আলা মোহনদাস স্পৰ্টছ এণ্ড কালচাৰেল ষ্টেডিয়ামত ২৬ ডিচেম্বৰৰ পৰা ২৮ ডিচেম্বৰলৈ অনুষ্ঠিত সপ্তম ভাৰত টি আই এ আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপত স্বৰ্ণ পদক জয় কৰি দৰং তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনে। আনহাতে কিউৰোগীত চাব জুনিয়ৰ বিভাগৰ ল’ৰাৰ ১১ বছৰ অনুৰ্ধৰ ২৮ কিল’গ্ৰামত ধৃতিস্মান চহৰীয়া, ২২ কিল’গ্ৰামত হিমুজ্বল ডেকা, ৪৫ কিল’গ্ৰামত জিণ্টু শৰ্মা আৰু ছোৱালীৰ ১১ বছৰ অনুৰ্ধৰ ২২ কিল’গ্ৰামত নিবৃতি বড়োই স্বৰ্ণ পদক পাবলৈ সক্ষম হয়।

একেদৰে ৰামগাঁওৰ জোনাক প্ৰতীম হাজৰিকাই ল’ৰাৰ ১১ বছৰ অনুৰ্ধৰ ২৮ কিল’গ্ৰামত ৰূপ, কৃৰ্তীমান চহৰীয়া আৰু ঝাকুৱাপাৰাৰ আকাশ ডেকাই ক্ৰমে ২৮ আৰু ৩১ কি’লগ্ৰামত লাভ কৰে ব্ৰঞ্জৰ পদক। ইপিনে ১৪ বছৰ অনুৰ্ধৰ ৩৩ কিল’গ্ৰামত নিজ বৰমপুৰৰ চাজিদ আলমে কিউৰোগী কেডেটত ব্ৰঞ্জ আৰু ৰামগাঁওৰ বিতুস্মিন চহৰীয়াই ১১ বছৰ অনুৰ্ধৰ কিউৰোগী ২৫ কিল’গ্ৰামত ব্ৰঞ্জৰ পদক জয় কৰিবলৈ সক্ষম হয। উল্লেখযোগ্য যে ইয়াৰে নিবৃতি বড়োই স্বৰ্ণ জয়ৰ উপৰি পুমচেত ব্ৰঞ্জৰ পদকো লাভ কৰিবলৈ সক্ষম হয়। প্ৰশিক্ষক-পৰিচালক ৰিতুৰাজ শৰ্মাৰ নেতৃত্বত অসম দলৰ হৈ যোগদান কৰি কৃতিত্ব অৰ্জন কৰা এইসকল খেলুৱৈক স্থানীয় ৰাইজৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়‌।

Leave A Reply

Your email address will not be published.