Breaking

মাজবাটত চালান বিহীন আৰু অবৈধ মাটি খনন কৰা চাৰিখন ডাম্পাৰ জব্দ

0 60

ওদালগুৰি জিলাৰ মাজবাট আঞ্চলিক বন বিভাগৰ অভিযানত চালান বিহীন আৰু অবৈধ মাটি খনন কৰা চাৰিখন ডাম্পাৰ জব্দ বন বিভাগৰ।

জানিব পৰা মতে মাজবাট আঞ্চলিক বন বিভাগৰ ৰেঞ্জাৰ জগদীশ বসুমতাৰী আৰু বীট অফিচাৰ মিন্টু বড়োৰ নেতৃত্বত বন কৰ্মীৰ দলে পৃথকে পৃথকে অভিযান চলায় ওদালগুৰি জিলাৰ বিভিন্ন প্ৰান্তত।

উক্ত অভিযানত পাউৰীপোটা অঞ্চলৰ ধনশ্ৰী বজাৰৰ কাষত অবৈধ ভাবে মাটি খনন কৰি লৈ যোৱা অৱস্থাৰ পৰা AS-25-EC-7123, AS-25-FC-0809 নম্বৰ ডাম্পাৰ জব্দ কৰে। আনহাতে কৌপাটী অঞ্চলৰ পৰা চালান বিহিন AS-01-LC-3324 আৰু AS-27-C-8720 নম্বৰৰ বালি ভৰ্তি ডাম্পাৰ জব্দ কৰিবলৈ সক্ষম হয়।

পিচত বন বিভাগৰ দলে জব্দ কৰা চাৰিখন ডাম্পাৰ মাজবাট আঞ্চলিক বন বিভাগৰ কাৰ্যালয়ত লৈ আনে বুলি বন পালক খৰ্গেশ্বৰ নাথে জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.