Breaking

সংৰক্ষণ-দায়বদ্ধতা আৰু পৰিবেশ চেতনাবোধৰ অনন্য গ্ৰন্থঃ কোলাহল আৰু নীৰৱতাৰ সিপাৰে

0 203

পৰিৱেশৰ মনোমোহা কথাৰে সজোৱা কাহিনীবোৰ পঢ়ি আমি ভাল পাওঁ। সংৰক্ষণৰ কথাবোৰ পঢ়ি ভাল নম্বৰ লৈ জীৱনত সফল হওঁ যদিও প্ৰায়ে সেই সংৰক্ষণ আৰু দায়িত্বৰ কথাবোৰ পাহৰি থাকোঁ। ইয়াৰ মূলতে হ’ল আমাৰ দায়বদ্ধ গুণৰ বিষয়ে জানিলেও ইয়াৰ কাৰ্যকৰী জ্ঞান নথকাটো। ধৰক আপোনালোকৰ গাঁওখনৰ মাজলৈ পথ হেৰুৱাই হঠাতে কেইটামান পহু আহিল।

হঠাতে অহা এই পহুকেইটাক দেখা পালে আমি বাৰু কি কৰিম? কেপচাৰ মায়’পেথি নামৰ কাৰকবিধে এইক্ষেত্ৰত ভয়ংকৰভাৱে ক্ৰিয়া কৰিব পাৰে। তেন্তে ইয়াৰ বাবে আমি কি কৰা উচিত? পৰিবেশ সুৰক্ষাৰ বাবে আমি বহুত কথা ক’লোঁ। বহু ভাষণ দিলোঁ। এতিয়া কাম কৰাৰ সময়। এই কাম আমি কেনেদৰে কাৰ সৈতে কৰিব পাৰিম? ঢকুৱাখনাৰ ঐতিহ্যমণ্ডিত চাৰিকড়ীয়া নদীৰ পাৰৰ জীৱ বৈচিত্ৰ্য সুৰক্ষাৰ ক্ষেত্ৰত কেনেদৰে কাম কৰি আছে মানস, বিমান, ৰণ্টু, ধ্ৰুৱ, ধৰ্মেশ্বৰ সৈতে? কি শিকিবলগীয়া আছে তেওঁলোকৰ পৰা? মানুহ প্ৰকৃতিৰ উপাসক। প্ৰকৃতিৰ সৈতে জড়িত হৈ থাকে এটা জাতীৰ স্বকীয়তা, জাতীয় পৰম্পৰা। এই পৰম্পৰাই গঢ় দিয়ে লোকসাংস্কৃতিক ঐতিহ্য।

তেনে লোক পৰম্পৰাৰ সৈতে সম্পৰ্ক থাকে নদী, পাহাৰ, জলপ্ৰপাত আদিৰ…। এনে কি পৰম্পৰাৰে গঢ় লৈ উঠিছে চিৰকি জলপ্ৰপাতৰ ঐতিহ্য জানিবলৈ মন নাযায়নে? নাৰী প্ৰকৃতিৰ দৰে। প্ৰকৃতিৰ দৰে নাৰীও আমাৰ উপাস্য। পৃথিৱীৰ বহু ঠাইত নীৰৱে পৰিৱেশ সংৰক্ষণৰ হকে কেনেদৰে কাম কৰি আছে?

অসমত পক্ষী অধ্যয়নৰ ঐতিহ্য আৰু পৰম্পৰাৰ কথাবোৰ জানিবলৈ মন নাযায়নে? প্ৰথমজন অসমীয়া পক্ষীবিদ বুলিলে আমি প্ৰফুল্ল দত্ত গোস্বামীৰ কথা বুজোঁ। কিন্তু তেওঁৰ অধ্যয়নৰ কোনবোৰ দিশ পৰ্যবেক্ষণ কৰি এই অভিধা দিয়া হৈছে? চিঁয়া নাহৰ।

লখিমপুৰৰ দুলুঙৰ ঐতিহ্য স্বৰূপ চিঁয়া নাহৰৰ বৈজ্ঞানিক নামৰ সৈতে জড়িত হৈ আছে অসমৰ নাম। মেচুৱা আচামিকা নামেৰে সৰ্বজনবিদিত এই নাহৰৰ অতীত বুৰঞ্জীৰ বিষয়ে জানিবলৈ আমি জানিব লাগিব লখিমপুৰৰ বন বৈচিত্ৰ্যৰ কথা। শগুন। প্ৰকৃতিৰ জমাদাৰস্বৰূপ এই পক্ষীবিধ সংৰক্ষণৰ বাবে কেনেদৰে কাম হৈ আছে। কেনেদৰে অসমৰ লোকপৰম্পৰাৰ সৈতে জড়িত হৈ আছে ভাৰতীয় সাংস্কৃতিক বৈচিত্ৰ্য। পৰিৱেশ চেতনাবোধ আৰু সংৰক্ষণৰ এনে বহু কথাৰ মাজত বিচৰণ কৰিবলৈ আৰু জানিবলৈ আপুনি হাতত তুলি ল’ব লাগিব এখন কিতাপ। যিখন কিতাপৰ নাম হ’ল- ‘কোলাহল আৰু নীৰৱতাৰ সিপাৰে’।

পাঞ্চজনে বুকছে প্ৰকাশ কৰা এই গ্ৰন্থখন লিখিছে মানস প্ৰতিম দত্তই। অসমৰ পৰিৱেশ-প্ৰকৃতি সংৰক্ষণৰ হকে নিৰবিচ্ছিন্নভাৱে কাম কৰি থকা লেখক দত্তই নৱতম গ্ৰন্থ ‘কোলাহল আৰু নীৰৱতাৰ সিপাৰে’ সম্পৰ্কে কয় যে, ইয়াত পৰিৱেশ সাহিত্যৰ নব্যধাৰা ইক’ট্ৰেভেল’জিৰ সম্যক ধাৰণা দিব পৰাকৈ মনোৰম কাহিনীৰ কেইবাটাও ট্ৰেভেল ষ্ট’ৰী অন্তৰ্ভুক্ত কৰাৰ লগতে বন্যপ্ৰাণী উদ্ধাৰৰ বহুতো প্ৰত্যক্ষ অভিজ্ঞতাৰ ইতিবাচক কাহিনী সংকলিত হৈছে।’ ইক’ট্ৰেভেল’জিৰ লগতে ইয়াত সংযোজিত সৌম্যদ্বীপ দত্ত, ড° নৱ কুমাৰ চমুৱা, যুগল সন্দিকৈ আৰু হীৰেণ দত্তৰ তথ্যসমৃদ্ধ আৰু বাস্তৱজ্ঞান সমৃদ্ধ সাক্ষাৎকাৰ কেইটিয়ে গ্ৰন্থখনক সোণত সুৱগা চৰাইছে। গ্ৰন্থখনৰ মূল্য ২৫০ টকা। এই মূল্যৰ বিপৰীতে পাঠকে পাব অনেক মূল্যবান আৰু পৰিৱেশ দায়িত্ববোধৰ নৈতিকতাৰ সম্ভাৰ।

Leave A Reply

Your email address will not be published.