Breaking

কৃষ্ণা গোদাৱৰী অৱবাহিকাত প্ৰথমবাৰৰ বাবে তেল-গেছৰ সন্ধান পালে অ’এনজিচিয়ে

0 66

ভাৰতৰ শক্তি খণ্ডৰ বাবে ভাল খবৰ আহিছে। ভাৰতে কৃষ্ণা গোদাৱৰী অৱবাহিকাত অ’এনজিচিৰ গভীৰ সাগৰ প্ৰকল্পই এক বিশেষ আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছে। ভাৰতে কৃষ্ণা গোদাৱৰী অৱবাহিকাত প্ৰথমবাৰৰ বাবে তেলৰ সন্ধান লাভ কৰিছে। জুন মাহৰ ভিতৰতে চাৰিটা কাৰ্যক্ষম তৈল খাদ স্থাপন কৰি প্ৰতিদিনে ৪৫,০০০ বেৰেল তেল আহৰণ কৰাৰ লক্ষ্য স্থিৰ কৰিছে ভাৰতে।

এই প্ৰকল্পটোৱে ভাৰতত খাৰুৱা তেল আৰু গেছ উৎপাদন দুয়োটাতে ৭% অৰিহণা যোগাব৷ কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী হৰদীপ পুৰীয়ে এই আৱিষ্কাৰৰ কৌশলগত গুৰুত্বৰ বিষয়ত গুৰুত্ব আৰোপ কৰি সাংবাদিকক কয়, “মই নিশ্চিত যে তাত থকা ২৬ টা খাদৰ ভিতৰত চাৰিটা খাদ ইতিমধ্যে কাৰ্যক্ষম হৈ আছে৷ মে’ বা জুন মাহৰ ভিতৰত আমি প্ৰতিদিনে ৪৫,০০০ বেৰেল তেল উৎপাদন কৰিবলৈ সক্ষম হ’ম, যি আমাৰ মুঠ খাৰুৱা তেল উৎপাদনৰ ৭ শতাংশ হ’ব আৰু আমাৰ গেছ উৎপাদনৰ ৭ শতাংশ বৃদ্ধি পাব।”

অ’এনজিচিয়ে ২ জানুৱাৰীত কৃষ্ণা-গোদাৱৰী (বংগোপসাগৰত) ৰ পৰা এফপিএছঅ’লৈ ‘প্ৰথম তেল প্ৰবাহ’ আৰম্ভ কৰে। প্ৰকল্পটোৰ দ্বিতীয় পৰ্যায় সম্পূৰ্ণ হোৱাৰ পথত। পৰ্যায়-ৰ কাম চলি আছে আৰু জুন মাহত সেয়া শেষ হোৱাৰ সম্ভাৱনা আছে। ৯৮/২ প্ৰকল্পটোৱে অ’এনজিচিৰ মুঠ তেল আৰু গেছ উৎপাদন ক্ৰমান্বয়ে ১১ শতাংশ আৰু ১৫ শতাংশ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষ্ণা- গোদাৱৰী অৱবাহিকাত অ’এনজিচি প্ৰকল্পৰ পৰা তেল উৎপাদন আৰম্ভ হোৱাৰ ঘটনাক আদৰণি জনাই কয় যে এয়া ভাৰতৰ শক্তি যাত্ৰাৰ এক উল্লেখযোগ্য পদক্ষেপ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ অভিযানত ই এক সবল খোজ হ’ব।

উল্লেখ্য ভাৰতে তেলৰ ক্ষেত্ৰত আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ উপায় বিচাৰি আছে। ভাৰতে বৰ্তমান ইয়াৰ শক্তিৰ প্ৰয়োজনীয়তাৰ প্ৰায় ৮৫ % তেল আমদানি কৰে, যাৰ ফলত ই বিশ্বৰ তৃতীয় সৰ্ববৃহৎ তেল আমদানিকৰ্তা আৰু উপভোক্তা দেশ হৈ আছে। পূৰ্বে হৰদীপ সিং পুৰীয়ে তেল আহৰণৰ এক উচ্চাভিলাষী লক্ষ্য নিৰ্ধাৰণ কৰিছিল, যাৰ লক্ষ্য আছিল ভাৰতীয় পেট্ৰ’লিয়াম উদ্যোগে ২০৩০ চনৰ ভিতৰত ইয়াৰ খাৰুৱা তেলৰ চাহিদাৰ ২৫% ঘৰতে উৎপাদন কৰা।

তেল আৰু প্ৰাকৃতিক গেছ নিগমে (অ’এনজিচি) কৈছে যে ই বংগোপসাগৰৰ কৃষ্ণা গোদাৱৰী অৱবাহিকাত ইয়াৰ গভীৰ সাগৰীয় প্ৰকল্পৰ পৰা তেল উৎপাদন আৰম্ভ কৰিছে, যিয়ে দেশৰ তেল আৰু গেছৰ উৎপাদনবৃদ্ধি কৰাত সহায় কৰিব।

Leave A Reply

Your email address will not be published.