Breaking

উৰুকা নিশা একেলগে এসাজ খোৱাৰ প্ৰস্তুতি। ৰৌ, বৰালি, বাহু, আৰি কোনে কি মাছ ক্ৰয় কৰিলে…

0 74

আজি উৰুকা, উৰুকা নিশা একেলগে এসাজ খোৱাৰ প্ৰস্তুতি। ৰৌ, বৰালি, বাহু, আৰি সকলোৱে ক্ৰয় কৰিছে মনৰ পচন্দৰ মাছ। উৰুকা উপলক্ষে নগাঁৱৰ মীন বিভাগৰ উদ্যোগত জিলা মীন বিভাগৰ কাৰ্যালয়ত সুলভ মূল্যত মাছ বিক্ৰীৰ ব্যৱস্থা গ্ৰহণ কৰিছে।পূৱা ৪ বজাৰ পৰাই মাছ ক্ৰয় কৰিবৰ বাবে মীন বিভাগৰ কাৰ্যালয়ত ৰাইজে ভিৰ কৰে।

আনহাতে দেৰগাঁৱত উৰুকাৰ নিশা এসাঁজ খাবলৈ মাছ ধৰিছে ৰাইজে। কুইন্টলে কুইন্টলে ওলাইছে মাছ। ইপৰিয়া গাঁৱৰ এটা পুখুৰীৰ পাৰত মাছ চাবলৈ ৰাইজে লগালে ভীৰ। গাঁৱৰ ৰাইজক উৰুকা নিশা এসাঁজ তৃপ্তিৰে খাবলৈ নিজা পুখুৰীৰ বিনামূলীয়াকৈ মাছ যোগান ধৰিছে কৃষ্ণকান্ত পেগুৱে। এই মৎস্য বিতৰণত নগালেণ্ডৰ পৰা এটা দল উপস্থিত হৈ মাছ ধৰা দৃশ্য উপভোগ কৰি আপ্লুত হৈ পৰাও দেখা গ’ল।

Leave A Reply

Your email address will not be published.