ঘৰৰ মন্দিৰটো ভালদৰে পৰিষ্কাৰ কৰি ল’ব, যিকোনো পুৰণি সামগ্ৰী পেলাই দিব আৰু এক বিশৃংখলতা-মুক্ত আৰু আৱৰ্জনা-মুক্ত স্থান গঢ়ি তুলিব। পুৰণি ফুল আৰু মালা থাকিলে পেলাই দিব। এক ধনাত্মক শক্তি বজাই ৰাখিবলৈ মন্দিৰৰ ভিতৰত থকা সকলো দেৱতাৰ ছবি পৰিস্কাৰ কৰক, বিশেষকৈ ঘৰৰ উত্তৰ-পূব কোণত।
পূজাৰ পূৰ্বে স্নান কৰি পৰিষ্কাৰ পোছাক পৰিধান কৰি ব্যক্তিগত পৰিচ্ছন্নতা ৰক্ষা কৰক আৰু ঘৰৰ সকলো সদস্যকে এই কাম কৰিবলৈ কওক। ভগৱান ৰামৰ মূৰ্তিটো নিৰ্ধাৰিত বেদীত ৰাখক, ইয়াক ৰঙা কাপোৰেৰে মেৰিয়াই ৰাখক। বৈদিক ৰীতি-নীতি পালন কৰি পূজা আৰম্ভ কৰক।
হাতত এচলু জল লৈ সংকল্প গ্ৰহণ কৰক। চাকি আৰু ধূপ কাঠি জ্বলাওক, ভগৱান ৰামক সেন্দুৰ, চন্দন, ফুল, ফল, মিঠাই, পঞ্চামৃত আৰু ক্ষীৰৰ নৈবেদ্য আগবঢ়াওক। কৰ্পূৰ জ্বলাই আৰতিৰে ৰীতি-নীতি সমাপ্ত কৰক। লগতে সন্ধিয়া আপোনাৰ ঘৰৰ মুখ্য প্ৰৱেশদ্বাৰৰ লগতে পদূলিত ঘিউৰ চাকি জ্বলাই ৰাখিব।